Browsing Category
অসম
খিলঞ্জীয়া মুছলমানৰ আৰ্থ-সামাজিক উত্তৰণ
কেইবাটাও বিষয় সামৰি গঠন কৰা উপ সমিতিসমূহে আজি জনতা ভৱনত মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাক দাখিল কৰে প্ৰতিবেদন। জনসংখ্যা নিয়ন্ত্ৰণ, শৈক্ষিক বিকাশ, স্বাস্থ্য, মহিলা সবলীকৰণ, দক্ষতা বৃদ্ধি আদি বিষয়ত প্ৰস্তুত কৰা হৈছে প্ৰতিবেদন।
শতাব্দ প্ৰতিনিধি, গুৱাহাটী,২১ এপ্ৰিলঃ অসম চৰকাৰে খিলঞ্জীয়া মুছলমানৰ আৰ্থ-সামাজিক উত্তৰণৰ বাবে গঠন কৰা উপ সমিতিসমূহে আজি দাখিল কৰিলে তেওঁলোকৰ প্ৰতিবেদন। কেইবাটাও বিষয় সামৰি গঠন কৰা উপ সমিতিসমূহে আজি জনতা ভৱনত মুখ্যমন্ত্রীৰ কাৰ্যালয়ৰ সভাকক্ষত আয়োজন কৰা এক অনুষ্ঠানত মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাক দাখিল…
ব্যাস সংগীতৰ শিল্পী ইচ্ছাৰাম বৰুৱালৈ ধৰ্মদেৱ বিপ্ৰ বঁটা
শতাব্দ প্ৰতিনিধি, মঙ্গলদৈ ২০ এপ্রিল : দৰঙৰ এগৰাকী ৮৯ বৰ্ষীয় ব্যাস সংগীতৰ শিল্পীলৈ আজি ঘোষণা কৰা হৈছে তনুৰাম ৰাজবংশী (শাস্ত্ৰী) সোঁৱৰণী ধৰ্মদেৱ বিপ্ৰ বঁটা। দৰং জিলা লোক-শিল্পী কল্যাণ নিধিয়ে ২২ এপ্ৰিলত দেওমৰনৈ শ্ৰীশ্ৰীশিয়ালা বৈষ্ণৱ সত্ৰৰ দেউল মহোৎসৱত প্ৰদান কৰিব বঁটাটো। লোক-শিল্পী কল্যাণ নিধিৰ হৈ শিল্পী মকট হাজৰিকাই আজি সদৰী কৰা অনুসৰি, চলিত বৰ্ষৰ বাবে এই বঁটা লাভ কৰিছে দৰঙৰ চেঙেলীয়াঝাৰ চৌমখাৰ ইচ্ছাৰাম বৰুৱাই। লক্ষণীয় যে, ১৯৩৩ চনত চেঙেলীয়াঝাৰ চৌমখাত জন্ম গ্ৰহণ কৰা ইচ্ছাৰাম বৰুৱাই প্ৰথম শ্ৰেণীলৈ শিক্ষা গ্ৰহণ কৰি পিছলৈ…
প্ৰফেচনেল বক্সিংত কৰিব প্ৰৱেশ অভিজিত বৰুৱাই
শতাব্দ প্ৰতিনিধি,যোৰহাট, ২১ এপ্ৰিল: এক মিনিটত ৩৮৭টা পাঞ্চ মাৰি বক্সিংত বিশ্ব ৰেকৰ্ড গঢ়া অসম সন্তান তথা যোৰহাটৰ জনপ্ৰিয় ক্ৰীড়া প্ৰতিভা অভিজিত বৰুৱাই প্ৰফেচনেল বক্সিং খেলত প্ৰবেশ কৰিব। বিশ্ব বক্সিং কাউঞ্চিল (World Boxing Council) আৰু এচিয়ান বক্সিং কাউঞ্চিল (Asian Boxing Council)ৰ তত্বাৱধানত ২৩এপ্ৰিলত নতুন দিল্লীত অনুষ্ঠিত হ'বলগীয়া “ৰয়েল স্প’টচ প্ৰমোচনে” আয়োজন কৰা “প্ৰফেচনেল বক্সিং” খেলত অসমৰ তথা যোৰহাটৰ খেলুৱৈ অভিজিত বৰুৱাই দিল্লীৰ খেলুৱৈ শিৱমৰ বিৰুদ্ধে অৱৰ্ত্তীণ হ'ব । বিশ্বমানৰ বক্সিং কোচ্ ময়ুৰ কৃষ্ণন (লুকা)ৰ ওচৰত প্ৰশিক্ষণ…
তেজপুৰত নৱনিৰ্মিত আবক্ষ মূৰ্তিৰে সাহিত্য কাণ্ডাৰী পদ্মনাথ গোহাঞি বৰুৱাৰ ৭৬ সংখ্যক স্মৃতিদিৱস
শতাব্দ প্ৰতিনিধি তেজপুৰ , ২১ এপ্ৰিল : সাহিত্য কাণ্ডাৰী, অসম সাহিত্য সভাৰ প্ৰতিষ্ঠাপক সভাপতি পদ্মনাথ গোহাঞিবৰুৱাৰ ৭৬ সংখ্যক স্মৃতিদিৱসৰ আজিৰ দিনটোত পুৱাই সাহিত্য কাণ্ডাৰী গৰাকীৰ কৰ্ম সাধনাৰ স্থলী তেজপুৰ চহৰৰ গাড়ী ৰখা স্থানত থকা সাহিত্য কাণ্ডাৰী গৰাকীৰ আবক্ষ মূৰ্তিৰ সন্মুখত সম্পন্ন হয় বিশেষ শ্ৰদ্ধাঞ্জলি অনুষ্ঠান। তেজপুৰ সাহিত্য সভাৰ উদ্যোগত আৰু বাণ থিয়েটাৰৰ সহযোগত অনুষ্ঠিত আজিৰ এই স্মৃতি দিৱসৰ কাৰ্যসূচী বন্তি প্ৰজ্বলনেৰে শুভাৰম্ভ কৰে ক্ৰমে - সাহিত্য কাণ্ডাৰী গৰাকীৰ বোৱাৰী পৰী গোহাঞি বৰুৱা, নাতি, বিশিষ্ট লেখিকা মৃণালী…
বড়ো সাহিত্য সভাৰ অধিবেশনৰ প্ৰস্তুতি তুংগত
শতাব্দ প্ৰতিনিধি, তামুলপুৰ, ২১ এপ্ৰিলঃ বড়ো সাহিত্য সভাৰ ৬১ সংখ্যক তামুলপুৰ অধিবেশনখনি অহা ২ , ৩ আৰু ৪ মেত বৰ্ণাঢ্য কাৰ্যসূচীৰে প্ৰস্তাৱিত তামুলপুৰ চিকিৎসা মহাবিদ্যালয়ত অনুষ্ঠিত হব । অধিবেশনৰ আটাইবোৰ কাৰ্যসূচী সুচাৰুৰূপে পৰিচালনা কৰাৰ অৰ্থে বিটিচিৰ কাৰ্যবাহী সদস্য ধৰ্ম নাৰায়ণ দাসক সভাপতি , এমচিএলএ পবিত্ৰ কুমাৰ বড়ো আৰু তামুলপুৰৰ প্ৰাক্তন বিধায়ক চণ্ডী বসুমতাৰীক কাৰ্যকৰী সভাপতি আৰু শিক্ষক ৰত্নেশ্বৰ বড়োক সাধাৰণ সম্পাদক হিচাপে লৈ ইতিমধ্যে এখন শক্তিশালী অভ্যৰ্থনা সমিতি গঠন কৰা হৈছে । ইয়াৰ উপৰি কেইবাখনো উপ সমিতি গঠন কৰি…
তিনিচুকীয়াত কৰ্কট চিকিৎসালয়, চিকিৎসা মহাবিদ্যালয় পৰিদৰ্শন স্বাস্থ্যমন্ত্ৰীৰ
শতাব্দ প্ৰতিনিধি, তিনিচুকীয়া, ২১ এপ্ৰিল : অসম চৰকাৰ আৰু টাটা ট্ৰাষ্টৰ যৌথ উদ্যোগত গঠিত আছাম কেন্সাৰ কেয়াৰ ফাউণ্ডেচনৰ (এচিচিএফ) জৰিয়তে ৰাজ্যত নিৰ্মাণ কৰিবলৈ লোৱা ৭খন নতুন কৰ্কট চিকিৎসালয়ৰ ভিতৰৰে এখন তিনিচুকীয়া জিলাৰ মাকুম শুকানপুখুৰীত স্থাপন কৰা হ'ব । ৰাজ্যৰ স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই আজি শুকানপুখুৰীত নিৰ্মীয়মান তিনিচুকীয়া চিকিৎসা মহাবিদ্যালয় চৌহদত নতুন কৰ্কট চিকিৎসালয়খন নিৰ্মাণৰ বাবে সাজু কৰা স্থান পৰিদৰ্শন কৰে । তিনিচুকীয়াৰ বিধায়ক তথা ৰাজ্যৰ শ্ৰম আৰু চাহ জনজাতি কল্যাণ দপ্তৰৰ মন্ত্ৰী সঞ্জয় কিষাণ, তিনিচুকীয়াৰ উপায়ুক্ত…
লখিমপুৰ কেন্দ্ৰীয় ৰঙালী বিহু সন্মিলন আৰম্ভ
লখিমপুৰ,২১ এপ্ৰিল: সৃষ্টি, সম্প্ৰীতি আৰু সমন্বয়ৰ বাৰ্তাৰে আজিৰে পৰা আৰম্ভ হৈছে ৬৪ বছৰ গৰকা লখিমপুৰ কেন্দ্ৰীয় ৰঙালী বিহু সন্মিলনৰ বিহুৰ কাৰ্যসূচী। ঐতিহ্য আৰু পৰম্পৰা অক্ষুণ্ণ ৰাখি বিগত বৰ্ষ সমূহৰ দৰে এইবাৰো উত্তৰ লখিমপুৰ চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত চাৰিদিনীয়াকৈ বৰ্ণাঢ্য কাৰ্য্যসূচীৰে জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে লখিমপুৰবাসীৰ সহযোগিতাত অনুষ্ঠিত হৈছে ৬৪ সংখ্যক কেন্দ্ৰীয় ৰঙালী বিহু সন্মিলন। আজি পুৱা ৯ বজাত লখিমপুৰ কেন্দ্ৰীয় ৰঙালী বিহু সন্মিলনৰ পতাকা উত্তোলন কৰে স্থায়ী সভাপতি উদয় শংকৰ হাজৰিকাই। ৬৪ সংখ্যক লখিমপুৰ…
দেশৰ শ্ৰেষ্ঠ তিনি জিলাৰ ভিতৰত নলবাৰী জিলা
নলবাৰীৰ পৰা চম্পক বৈশ্য, ২১ এপ্ৰিলঃ ৰাষ্ট্ৰীয় পৰ্যায়ত জিলিকিছে নলবাৰী জিলা। ৰাষ্ট্ৰীয় গ্ৰামীণ জীৱিকা অভিযানৰ কাৰ্যসূচীসমূহ সঠিকভাৱে ৰূপায়ন কৰাৰ ক্ষেত্ৰত জিলাখনে দেখুওৱা পাৰদৰ্শিতাৰ বাবে দেশৰ শ্ৰেষ্ঠ তিনিখন জিলাৰ ভিতৰত নলবাৰী জিলাই স্বীকৃতি লাভ কৰিবলৈ সক্ষম হৈছে। জিলাখনৰ মহিলাসকলক আত্মনিৰ্ভৰশীল কৰি তুলিবলৈ বিভাগটোৱে পাৰদৰ্শিতা দেখুৱাবলৈ সক্ষম হোৱা বাবে 'Prime Minister's Award for Excellence in Public Administration, 2019' বঁটাৰ বাবে নিৰ্বাচিত হৈছে নলবাৰী জিলা। দেশৰ শ্ৰেষ্ঠ তিনিখন জিলাৰ ভিতৰত নলবাৰী জিলাই এনে সন্মান লাভ কৰাত…
জাতীয় শিক্ষানীতি ২০২০ৰ দ্বাৰা ৰাজহুৱা শিক্ষা ব্যৱস্থাক ধ্বংসৰ চক্ৰান্তৰ বিৰুদ্ধে তেজপুৰত প্ৰতিবাদ
শতাব্দ প্ৰতিনিধি তেজপুৰ,২০এপ্ৰিল: জাতীয় শিক্ষা নীতি ২০২০ কাৰ্যকৰী কৰি ৰাজহুৱা শিক্ষা ব্যৱস্থা ধ্বংস কৰাৰ লগতে শিক্ষাৰ ব্যৱসায়ীকৰণৰ প্ৰক্ৰিয়া তীব্ৰতৰ কৰাৰ বিৰুদ্ধে আজি তেজপুৰতো প্ৰতিবাদ সাব্যস্ত কৰা হয় । উল্লেখযোগ্য যে, আজি ইয়াৰ বিৰুদ্ধে অল ইণ্ডিয়া ডি এছ অ'ৰ অসম ৰাজ্যিক কমিটিৰ আহ্বান মৰ্মে সমগ্ৰ ৰাজ্যৰ লগতে তেজপুৰতো “চৰকাৰী শিক্ষা বচাও দিৱস " পালন কৰা হয়। তেজপুৰৰ আদালত পাঁচআলিত সংগঠনটোৰ কৰ্মীসকল সমবেত হৈ বিক্ষোভ কাৰ্যসূচী ৰূপায়ন কৰে। দিনৰ ১২ বজাত প্ৰতিবাদী ছাত্ৰ-ছাত্ৰীসকলে হাতে হাতে প্লেকাৰ্ড ফেষ্টুন লৈ জাতীয়…
তেজপুৰৰ বৃদ্ধাশ্ৰমত পৰক আপোন কৰি জীৱনৰ গান
শতাব্দ জিলা প্ৰতিনিধি তেজপুৰ, ২০ এপ্ৰিল: এসময়ত সোণালী সপোন ৰছা ঘৰখন তেওঁলোকৰ বাবে এতিয়া মাথোঁ স্মৃতি। কোনোবাগৰাকীৰ স্বামীৰ বিয়োগ ঘটা আৰু কোনোবাজন বিপত্নীক হোৱাৰ পাছতে তেওঁলোক সেই সপোনৰ ঘৰখনৰ পৰাও বিচ্ছিন্ন হৈ পৰিল। পুত্ৰ কন্যা সকলো থাকিলেও সেই সকলে এতিয়া তেওঁলোকক চিনি নোপোৱাৰ দৰেই হ’ল। নিজৰ ভাগৰ পৰাই যিসকলক খুৱাই বোৱাই তিল তিলকৈ তেওঁলোকে ডাঙৰ দীঘল কৰিলে সেইসকলৰ বাবে এতিয়া এইসকল পিতৃ-মাতৃ বোজাত পৰিণত হ’ল। তেজপুৰৰ বেছেৰীয়াৰ এখন বৃদ্ধাশ্ৰমত এতিয়া এনেবোৰ কৰুণ স্মৃতিৰ বোজা পাতলাবলৈ চেষ্টা চলাইছে ইয়াৰ ১৬গৰাকী ৭০উৰ্দ্ধৰ পুৰুষ…
