Browsing Category

অসম

ছাত্ৰীক সমৰ কলাৰে আত্মৰক্ষাৰ প্ৰশিক্ষণ লখিমপুৰ ডায়েটৰ

লখিমপুৰ, ২৩ এপ্ৰিলঃ  লখিমপুৰৰ আজাদস্থিত জিলা শিক্ষা আৰু প্ৰশিক্ষণ প্ৰতিষ্ঠানত (ডায়েট) দুদিনীয়া কাৰ্যসূচীৰে প্ৰতিষ্ঠানখনৰ নাতিদূৰৰ গড়েহগা বাঁহপাতি উচ্চতৰ মাধ্যমিক বিদ্যালয় আৰু শ্ৰীমন্ত শংকৰদেৱ উচ্চ মাধ্যমিক বিদ্যালয়ৰ সপ্তম শ্ৰেণীৰ পৰা দশমমান শ্ৰেণীৰ ছাত্ৰীসকলক ডায়েট প্ৰাঙ্গনত সমৰ কলাৰ জড়িয়তে আত্মৰক্ষাৰ এক প্ৰশিক্ষণ প্ৰদান কৰা হয়। ডায়েটৰ শাৰীৰিক শিক্ষাৰ প্ৰবক্তা মণ্টু বুঢ়াগোহাঁয়ে সমন্বয়কৰ দায়িত্ব পালন কৰা অনুষ্ঠানটো শুভ উদ্বোধন কৰে প্ৰতিষ্ঠানখনৰ অধ্যক্ষা অঞ্জু বৰঠাকুৰে। তেখেতে বৰ্তমান সময়ত নিজকে শাৰীৰিক আৰু মানসিকভাৱে সুস্থ হৈ…

চাইবাৰ অপৰাধৰ বলি হ’লে ডায়েল কৰক ১৯৩০

শতাব্দ প্ৰতিনিধি, তিনিচুকীয়া, ২২ এপ্ৰিল :চাইবাৰ অপৰাধৰ বলি হ’লে ডায়েল কৰক ১৯৩০এ টি এম অথবা বেংকৰ পৰা ধনৰ হৰলুকিৰ দৰে ঘটনা সংঘটিত হ’লে অথবা আন চাইবাৰ অপৰাধৰ কবলত পৰিলে ২৪ ঘণ্টাৰ ভিতৰত ১৯৩০ নম্বৰত অভিযোগ দাখিল কৰিবলৈ আহ্বান জনাইছে অসম আৰক্ষীৰ সঞ্চালকপ্ৰধান ভাস্কৰজ্যোতি মহন্তই । বহু সময়ত অসমৰ মানুহ চাইবাৰ অপৰাধৰ বলি হৈ আহিছে । সেয়ে তেওঁ ৰাইজক সজাগ আৰু সতৰ্ক হ’বলৈ আহ্বান জনায় । ইফালে চাইবাৰ হেকাৰৰ কবলত পৰা অইল ইণ্ডিয়াৰ ঘটনাৰ অন্তৰালত নাইজেৰিয়ান দুষ্ট চক্ৰৰ হাত থকা বুলি উল্লেখ কৰি তেওঁ চি আই ডিৰ লগতে কেন্দ্ৰীয়…

পৰম্পৰাগত খেল ধেমালিৰে উখল মাখল লখিমপুৰ কেন্দ্ৰীয় ৰঙালী বিহু

লখিমপুৰ, ২২ এপ্ৰিল: জাতি-ধৰ্ম-বৰ্ণ-নিৰ্বিশেষে লখিমপুৰবাসীৰ সহযোগিতাৰে উদ্‌যাপন কৰা ৬৪ সংখ্যক লখিমপুৰ কেন্দ্রীয় ৰঙালী বিহু সন্মিলনৰ আজি দ্বিতীয় দিনৰ প্ৰথম কাৰ্যসূচী কুইজ প্ৰতিযোগিতাৰে আৰম্ভ হয়। সাহিত্য উপ সমিতিৰ প্ৰধান সম্পাদক পংকজ সভাপণ্ডিতে আঁত ধৰা অনুষ্ঠানত দুকুৰি ছাত্ৰ ছাত্ৰীয়ে অংশগ্ৰহণ কৰে। কুইজ মাষ্টাৰ হিচাপে অংশগ্ৰহণ কৰে সুকুমাৰ পায়েং আৰু সুৰজিৎ গগৈয়ে। উদযাপন সমিতিৰ ফালৰ পৰা বিহুৱান আৰু কিতাপৰ টোপোলাৰে কুইজ মাষ্টাৰ দুজনক সম্বৰ্ধনা জনোৱা হয়। তিনিটা দলে বিজয়ী সন্মান লাভ কৰে। অহা ২৪ এপ্ৰিলত বিহু সন্মিলনৰ সামৰণি অনুষ্ঠানত…

ৰাজ্যত প্ৰথমবাৰৰ বাবে কৃষকে মৎস্য-পশুপালন- দুগ্ধ উৎপাদনৰ বাবে লাভ কৰিব কে চি চি ঋণ

শতাব্দ প্ৰতিনিধি, লখিমপুৰ, ২২ এপ্ৰিলঃ চৰকাৰে কে চি চি ঋণ পাব লগা হিতাধিকাৰীসকলক সহজে কিষাণ ক্ৰেডিট কাৰ্ড প্ৰদানেৰে কে চি চি ঋণ প্ৰদানৰ পদক্ষেপ গ্ৰহণ কৰিছে। কৃষকসকলে ইয়াৰ বাবে এখন প্ৰ-পত্ৰ পূৰণ কৰিব লাগিব আৰু সময়ত কে চি চি ঋণ প্ৰদানৰ ক্ষেত্ৰত তেওঁলোকৰ যথেষ্ট সুবিধা হ’ব। কৃষকসকলে যাতে বেংকৰ পৰা সহজে কৃষি ঋণ লাভ কৰিব পাৰে তাৰ বাবেই চৰকাৰে ‘কিষাণ ভাগিদাৰী প্ৰাথমিকতা হামাৰী’ নামৰ এই আঁচনিখন ৰূপায়ণ কৰিছে । পি এম কিষাণ আঁচনিত অৰ্ন্তভুক্ত যিসকল উপযুক্ত হিতাধিকাৰীৰ কিষাণ ক্ৰেডিট কাৰ্ড নাছিল সেইসকল হিতাধিকাৰীক কিষাণ ক্ৰেডিট কাৰ্ড…

যোৰহাটৰ পদুমনিত ধৰিত্ৰী দিৱস পালন

শতাব্দ প্ৰতিনিধি, যোৰহাট ,২২মাৰ্চ : পূব যোৰহাটৰ চটাইস্থিত বৰ্ষাৰণ্য গৱেষণা প্ৰতিষ্ঠানৰ উদ্যোগত আৰু বেচৰকাৰী সংস্থা দোকমোকালিৰ সহযোগত আজি দিনজোৰা কাৰ্যসূচীৰে  ধৰিত্ৰী দিৱস পালন কৰা হয়।পদুমনি মাজগাৱৰ নামঘৰৰ প্ৰাংগনত অনুষ্ঠিত সভাখনত বৰ্ষাৰণ্য গৱেষণা প্ৰতিষ্ঠানৰ মুখ্য সঞ্চালক ড০ আৰ এছ জয়ৰাজে মুখ্য অতিথি ৰূপে ভাগ লৈ ধৰিত্ৰী দিৱসৰ তাৎপৰ্য ব্যাখ্যা কৰে। বেচৰকাৰী সংস্থা দোকমোকালিৰ সঞ্চালক কীৰ্তি বৰদলৈয়ে আতধৰা সভাখনত বৰ্ষাৰণ্য গৱেষণা প্ৰতিষ্ঠানৰ মুখ্য সঞ্চালক ড০ জয়ৰাজে মাটিক মানুহৰ শৰীৰৰ  ছালৰ লগত তুলনা কৰি মানুহে ছালখন ঢাকি…

মাজুলীৰ সত্ৰানুষ্ঠানত সমীৰ ৰয়ৰ অৰ্কিড ৰোপন

শতাব্দ প্ৰতিনিধি, যোৰহাট, ২২ এপ্ৰিল : আজি বিশ্ব ধৰিত্ৰী দিৱস। এই ধৰিত্ৰী দিৱসৰ লগত সংগতি ৰাখি যোৰহাটৰ স্বেচ্ছাসেৱী অনুষ্ঠান দা ইভেণ্টৰ উদ্যোগত পৰিৱেশকৰ্মী সমীৰ ৰয়ৰ একক প্ৰচেষ্টাত মাজুলীৰ উত্তৰ কমলাবাৰী সত্ৰ আৰু আউনিআটী সত্ৰৰ বাকৰিত থকা বিভিন্ন গছত বিভিন্ন প্ৰকাৰৰ অৰ্কিড ৰোপন কায্যসুচী সম্পন্ন কৰে। অসমৰ বিভিন্ন স্থানত ২০২০ চনৰ পৰা পৰিৱেশ কৰ্মীজনে প্ৰাকৃতিক পৰিৱেশ সুৰক্ষা আৰু সৌন্দৰ্য্য বৰ্ধনৰ উদ্দেশ্য আগত ৰাগি চৰকাৰী কায্যালয়, প্ৰশাসনিক বিষয়া, সত্ৰাধিকাৰ, বিশিষ্ট শিল্পী, সাহিত্যিক, বুদ্ধিজীৱী, সমাজকৰ্মীৰ ঘৰত অৰ্কিড ৰোপন কৰি…

চৰাইদেউ জিলাত ক্রেতা আৰু বিক্রেতাৰ মিলন সমাৰোহ অনুষ্ঠিত

চৰাইদেউ, ২২ এপ্ৰিল: চৰাইদেউ জিলাৰ কৃষি বিভাগ তথা অসম কৃষি বাণিজ্য আৰু গ্ৰাম্য ৰূপান্তৰ (APART) -ৰ অধীনত আত্মা (ATMA), চৰাইদেউৰ উদ্যোগত আজি সোণাৰি আঞ্চলিক পঞ্চায়তৰ বহুমুখী ভৱনত এখনি ক্রেতা আৰু বিক্রেতাৰ মিলন সমাৰোহ, ২০২১-২২ অনুষ্ঠিত কৰা হয়। অনুষ্ঠানত অংশগ্ৰহণ কৰি চৰাইদেউ জিলাৰ উপায়ুক্ত পল বৰুৱাই ক্রেতা আৰু বিক্রেতাৰ মিলন সমাৰোহৰ আয়োজনে জিলাখনৰ কৃষক সকলে নিজৰ উৎপাদিত শস্যৰ সঠিক মূল্য লাভ কৰাৰ পথ প্ৰশস্ত কৰিব বুলি আশা প্ৰকাশ কৰে। এই সমাৰোহ জিলাখনত পোনপ্রথম বাৰৰ বাবে আয়োজন কৰা হৈছে বুলি অৱগত কৰি তেওঁ কয় যে, সমাৰোহ খনিৰ মাধ্যমেৰে…

নলবাৰীত বিশ্ব ধৰিত্ৰী দিৱস পালন

নলবাৰী, ২২ এপ্ৰিলঃ বিশ্ব ধৰিত্ৰী দিৱস উপলক্ষে ইক' ক্লাব বনভাগখাটা দিজহাৰী বিদ্যালয়ৰ উদ্যোগত তথা প্ৰাণী বিজ্ঞান বিভাগ নলবাৰী মহাবিদ্যালয়, পৰিবেশ সংগঠন দি গ্ৰীন গ্লোৱৰ তত্বাবধানত আৰু অসম বিজ্ঞান প্ৰযুক্তিবিদ্যা আৰু পৰিবেশ পৰিষদৰ লগতে পৰিবেশ,বন আৰু জলবায়ু পৰিবৰ্তন মন্ত্রালয়ৰ, ভাৰত চৰকাৰৰ পৃষ্ঠপোষকতাত  পাঁচ শতাধিক ছাত্র-ছাত্ৰীৰ উপস্থিতিত আজি বনভাগখাটা দিজহাৰী বিদ্যালয়ত দিনযোৰা কাৰ্যসূচীৰে ধৰিত্ৰী দিৱস পালন কৰা হয়। অনুষ্ঠানটিৰ আৰম্ভণিতে নলবাৰী মহাবিদ্যালয় প্ৰাণী বিজ্ঞান বিভাগৰ সহকাৰী অধ্যাপক কুমদ চন্দ্র ৰাভাই সম্পূৰ্ণ…

২৯ এপ্ৰিলৰ পৰা কোকৰাঝাৰ কৰ্কট চিকিৎসালয়ত চিকিৎসা সেৱা আৰম্ভ হ’ব

শতাব্দ প্ৰতিনিধি, গুৱাহাটী ২২ এপ্ৰিলঃ অসম চৰকাৰ আৰু টাটা ট্ৰাষ্টৰ যৌথ উদ্যোগত নিৰ্মাণ কৰি উলিওৱা সাতখন কৰ্কট চিকিৎসালয়ৰ ভিতৰৰে অন্যতম কোকৰাঝাৰ কৰ্কট চিকিৎসালয়ত আজি পুৱা ৮ বজাতে স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্ত উপস্থিত হৈ চিকিৎসালয়খন উদ্বোধনৰ বাবে চলি থকা অন্তিম প্ৰস্তুতি নিৰীক্ষণ কৰে। নিৰ্মীয়মান কোকৰাঝাৰ চিকিৎসা মহাবিদ্যালয় চৌহদতে ইতিমধ্যে নিৰ্মাণ কাৰ্য সম্পূৰ্ণ হোৱা এই কৰ্কট চিকিৎসালয়খনিও অহা ২৮ এপ্ৰিলত ডিব্ৰুগড়ৰ পৰা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ভাৰ্চুৱেল পদ্ধতিৰে আনুষ্ঠানিকভাৱে শুভ উদ্বোধন কৰিব। ইতিমধ্যে কোকৰাঝাৰ কৰ্কট…