Browsing Category
অসম
বাণ থিয়েটাৰত শিল্পীৰ স্মৃতি সম্বলিত গ্ৰন্থ ‘মোৰ গান মোৰ প্ৰাণ’ উন্মোচন
’
এতিয়া গানতকৈ বাজানা বেছি, একাংশ গীতৰ কথাও তৰল- কীৰ্তিকমল ভূঞা
শতাব্দ প্ৰতিনিধি তেজপুৰ, ২৩ এপ্ৰিলঃ এগৰাকী কণ্ঠশিল্পীৰ জীৱনৰ বহু তিতা-মিঠা স্মৃতি আৰু জীৱনযোৰা সংগীত সাধনাৰ অপ্ৰকাশিত তথ্যৰে অসমীয়া আধুুনিক সংগীতৰ নিৰৱ সাধক দুগাৰ্ময়ী বৰাই লিখি উলিওৱা ‘মোৰ গান মোৰ প্ৰাণ’ শীৰ্ষক গ্ৰন্থখনি আজি তেজপুৰৰ ঐতিহ্যমণ্ডিত বাণ থিয়েটাৰত আনুষ্ঠানিকভাবে উন্মোচন কৰা হয় । অসমীয়া গীতি সাহিত্যৰ পুৰোধা ইদ্ৰিছ আলি আৰু কীৰ্তিকমল ভূঞাৰ উপস্থিতিত এক গাম্ভীৰ্যপূৰ্ণ পৰিৱেশত সোণসেৰীয়া অসমীয়া আধুনিক গীতৰ ৰোমন্থনে উপস্থিত সকলোকে নষ্টালজিক কৰি তোলে ।…
ধাৰাবাহিক বৰষুণত বিধ্বস্ত ঐতিহাসিক দুৱৰণী আলি
শতাব্দ প্ৰতিনিধি, শিৱসাগৰ, ২৩ এপ্রিলঃ শিৱসাগৰ চহৰৰ সমীপৰ ঐতিহাসিক দূবৰণি আলিৰ মধ্যভাগ অর্থাৎ আমগুৰি গাঁৱৰ অংশটো ধাৰাবাহিক বৰষুণৰ ফলত সম্পূৰ্ণৰূপে বিধ্বস্ত ৰূপ লােৱাত হাজাৰ হাজাৰ পথচাৰীয়ে দুর্ভোগ ভুগিব লগাত পৰিছে। ধাৰাবাহিক বৰষুণত পথটো ৰূপান্তৰ হৈছে বৃহৎ পুখুৰীলৈ। নিৰ্বাচনৰ আগত আৰু জয়ী হোৱাৰ পিছত শিৱসাগৰ বিধায়ক অখিল গগৈয়ে পথটো পুনৰ নিৰ্মাণ আৰু পথটোৰ এটা পাৰত কোনো নৰ্দমা নথকাত বনাই দিয়াৰ প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল যদিও সেয়া কেৱল প্ৰতিশ্ৰুতিতেই আৱদ্ধ থাকিল। আনকি স্থানীয় ৰাইজে বহুবাৰ এইক্ষেত্ৰত বিধায়কৰ লগতে গড়কাপ্টানি বিভাগতো…
তেজপুৰত পথ দুৰ্ঘটনা :পথতে জ্বলিল বাহন
শতাব্দ প্ৰতিনিধি তেজপুৰ,২৩এপ্ৰিল: তেজপুৰ মিছন চাৰিআলিত যোৱা নিশা সংঘটিত হোৱা এক ভয়ানক দুৰ্ঘটনা আৰু ইয়াৰ পাছতে এখন বাহনত ঘটা অগ্নিকাণ্ডকলৈ অঞ্চলটোত এক আতংকময় পৰিস্থিতিৰ উদ্ভৱ হয় । উল্লেখযোগ্য যে,এখন আই ২০বাহন আৰু এখন তেলৰ টেংকাৰৰ মাজত সংঘটিত দুৰ্ঘটনাটোৰ পাছতেই ৰাষ্ট্ৰীয় পথত দপদপকৈ জ্বলি উঠিল আই ২০ বাহনখন।নিশা প্ৰায় এক বজাত ঢেকিয়াজুলিৰ দিশৰ পৰা তেজপুৰৰ দিশে আহি থকা দুয়োখন গাড়ীৰ ভিতৰত সন্মুখত থকা এন এল ০২এন ০৭০৮ নম্বৰৰ টেংকাৰখন আকস্মিক ভাবে ৰৈ যোৱাত পিছে পিছে আহি থকা এএছ১২এই৫৬২২ নম্বৰৰ বাহন খনে খুন্দা মাৰে তেলৰ টেংকাৰখনত।ইয়াৰ…
সাহিত্য অকাডেমীৰ বঁটা প্ৰাপক বিশিষ্ট শিশু সাহিত্যিক হৰেন্দ্ৰ নাথ বৰঠাকুৰৰ ৬খন গ্ৰন্থ উন্মোচন
শতাব্দ প্ৰতিনিধি, তিনিচুকীয়া, ২৩ এপ্ৰিল : তিনিচুকীয়া জিলাৰ মাকুমস্থিত গোপালকৃষ্ণ বালিকা বিদ্যালয়ত আজি বিয়লি অনুষ্ঠিত এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত বিশিষ্ট শিশু সাহিত্যিক, অৱসৰপ্ৰাপ্ত শিক্ষক তথা সাহিত্য অকাডেমীৰ বঁটা প্ৰাপক হৰেন্দ্ৰ নাথ বৰঠাকুৰৰ ৬খন গ্ৰন্থ উন্মোচন কৰা হয় । আজি উন্মোচন কৰা গ্ৰন্থকেইখন হল ক্ৰমে স্বনিৰ্বাচিত গীতৰ গ্ৰন্থ 'মোৰ গানৰ চৰাই', 'আইতাৰ মুখৰ পদ্য আৰু গীত', 'দোকমোকালিৰ বেলি', 'গীতিমালিকা', 'পাঁচখন শিশু নাট' আৰু 'চিৰিয়াখানা' । গ্ৰন্থ কেইখন উন্মোচন কৰে তেজপুৰ বিশ্ববিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত ভাৰপ্ৰাপ্ত উপাচাৰ্য ড°…
উজনি অসমত প্ৰথমবাৰ বিষুৱা উৎসৱ পালন
শতাব্দ প্ৰতিনিধি, লখিমপুৰ, ২৩ এপ্ৰিলঃ উজনি অসমৰ লখিমপুৰ জিলাৰ ত্যাগক্ষেত্ৰত কোচ ৰাজবংশী ছাত্ৰ সন্থাৰ ১৭ তম প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি আজি দিনযোৰা কাৰ্যসূচীৰে কেন্দ্ৰীয় বিষুৱা উৎসৱটি বৰ্ণাঢ্য কাৰ্যসূচীৰে উদযাপন কৰা হয় । পোন প্ৰথমবাৰৰ বাবে উজনি অসমত উদযাপন কৰা বিষুৱা উৎসৱৰ খোলা সভাৰ আজি শুভ উদ্বোধন কৰে কোচ ৰাজবংশী সন্মিলনীৰ সভাপতি গিৰিশ বৰাই । বিষুৱা উৎসৱ উদযাপন সমিতিৰ সভাপতি দিলীপ বৰুৱাই আদৰণী ভাষণ আগবঢ়োৱা আৰু কোচ ৰাজবংশী ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সমিতিৰ যুটীয়া সম্পাদক দীপক বৰাই আঁত ধৰা খোলা সভাত আক্ৰাছুৰ মুখ্য উপদেষ্টা…
নলিনী বৰুৱাৰ কৰ্মৰাজিকলৈ নিৰ্মিত তথ্যচিত্ৰ প্ৰদৰ্শন
শতাব্দ প্ৰতিনিধি তেজপুৰ, ২৩ এপ্ৰিলঃ নিয়মীয়াকৈ খোজকঢ়া আৰু পৰিমিত খাদ্য গ্ৰহণ কৰাৰ ফলতেই ৯২ বছৰ বয়সতো তেজপুৰৰ দুৰন্ত তৰুণগৰাকীয়ে আজিও নিজেই গাড়ী চলাই অহাযোৱা কৰে আৰু আজিও কান্ধত কেমেৰাটো ওলমাই এখন ভাল আলোকচিত্ৰ গ্ৰহণৰ বাবে অনাই বনাই ঘুৰি ফুৰে । সেই ব্যক্তিজনেই হ’ল তাৰুণ্য আৰু প্ৰাণ চঞ্চলতা ভৰা জীৱন অতিবাহিত কৰি অহা আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন আলোকচিত্ৰশিল্পী তথা বিষ্ণুৰাভা বঁটা প্ৰাপক নলিনী বৰুৱা । আজি সেইগৰাকী শিল্পীৰ ৯২ সংখ্যক ওপজা দিন উপলক্ষে তেজপুৰ ফটোগ্ৰাফী ক্লাবৰ উদ্যোগত তেজপুৰ সাহিত্য সভা ভৱনত এক বিশেষ অনুষ্ঠানৰ…
কিষাণ ভাগিদাৰী প্ৰাথমিকতা হামাৰী অভিযান সম্পৰ্কে চৰাইদেউ জিলাৰ উপায়ুক্তৰ সংবাদমেল
শতাব্দ প্ৰতিনিধি, চৰাইদেউ, ২৩ এপ্ৰিলঃ কেন্দ্ৰীয় চৰকাৰৰে দেশৰ কৃষি খণ্ডৰ বিকাশ আৰু কৃষক সকলক সৰ্বাংগীন উন্নয়নৰ লক্ষ্যৰে সমগ্র দেশজুৰি ৰূপায়ণ হোৱাকৈ "কিষাণ ভাগিদাৰী প্ৰাথমিকতা হামাৰী" শীৰ্ষক এক অভিলাসী অভিযান আৰম্ভ কৰিছে। "কিষাণ ভাগিদাৰী প্ৰাথমিকতা হামাৰী" অভিযান সন্দৰ্ভত বিস্তৃত ভাৱে অৱগত কৰাৰ উদ্দেশ্যে আজি চৰাইদেউ জিলাৰ উপায়ুক্ত পল বৰুৱাই উপায়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত এখনি সংবাদমেল সম্বোধন কৰে। উপায়ুক্ত গৰাকীয়ে কয় যে, সমগ্র দেশ তথা ৰাজ্যৰ লগতে চৰাইদেউ জিলাতো "কিষাণ ভাগিদাৰী প্ৰাথমিকতা হামাৰী" অভিযানৰ অধীনত অহা ২৪ এপ্ৰিলৰ পৰা ১…
ডিগবৈত বিধ্বংসী ঔদ্যোগিক অগ্নিকাণ্ড নিয়ন্ত্ৰণত দক্ষ মতিৰাম হাজৰিকাক সম্বৰ্ধনা জ্ঞাপন
শতাব্দ বিশেষ প্ৰতিনিধি ,২৩এপ্ৰিল: শুকুৰবাৰে তৈলনগৰী ডিগবৈত অনুষ্ঠিত হোৱা এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত অঞ্চলটোৰ এটা অন্যতম স্বেচ্ছাসেৱী সংগঠন হেল্প ফাউণ্ডেছনে অগ্নিনিৰ্বাপণৰ ক্ষেত্ৰত উল্লেখনীয় সেৱাৰ বাবে ২০২২ বৰ্ষৰ ৰাষ্ট্ৰপতিৰ বঁটাৰে সন্মানিত মতিৰাম হাজৰিকাক সম্বৰ্ধনা জ্ঞাপন জনায়। ভাৰতীয় তেল নিগমৰ ডিগবৈ শোধনাগাৰত সহকাৰী প্ৰৱন্ধক হিচাপে কৰ্মৰত হাজৰিকাই ইতিমধ্যে কেইবাটাও বিধ্বংসী ঔদ্যোগিক অগ্নিকাণ্ড নিয়ন্ত্ৰণ তথা নিৰ্বাপনত এক গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিছিল। 'হেল্প ফাউণ্ডেছন'ৰ সভাপতি হীৰা ফুকনে আঁত ধৰা সভাখনত হাজৰিকাক…
তেজপুৰৰ ৰেষ্টুৰেণ্টৰ লিফ্টত শিশু-মহিলাক আৱদ্ধ কৰি মানসিক নিৰ্যাতন
শতাব্দ জিলা প্ৰতিনিধি তেজপুৰ,২৩এপ্ৰিল: আহাৰ গ্ৰহণ কৰিবলৈ অহা মহিলা-শিশুৱে অসুৰক্ষিত অনুভৱ কৰাৰ বিপৰীতে এই ক্ষেত্ৰত তেজপুৰৰ একাংশ ৰেষ্টুৰেণ্ট কৰ্তৃপক্ষই সামান্যতম গুৰুত্ব নিদিয়ে । এই সন্দৰ্ভত ভুক্তভোগীয়ে এজাহাৰ দাখিল কৰা সত্বেও আৰক্ষীয়ে গ্ৰহণ কৰা স্থিতিও ৰহস্যজনক হৈ পৰিছে। তেজপুৰৰ এক সম্ভ্ৰান্ত আৱাসিক অঞ্চল বাৰহলীয়াৰ এগৰাকী মহিলাই তেজপুৰ সদৰ আৰক্ষী থানাত দাখিল কৰা এক এজাহাৰ অনুসৰি তেওঁৰ এগৰাকী ভগ্নী তথা ভিনিহিয়েক আৰু আত্মীয় তথা চাৰিটা শিশুসহ যোৱা ১৫এপ্ৰিলত তেজপুৰৰ মাজমজিয়াত থকা চেফ্ৰন নামৰ ৰেষ্টুৰেণ্টখনত আহাৰ গ্ৰহণ কৰিবলৈ…
নিশা নলবাৰীৰ মাজেৰে পাৰ হৈ গ’ল প্ৰচণ্ড ধুমুহা
শতাব্দ প্ৰতিনিধি, নলবাৰী, ২৩ এপ্ৰিলঃ ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে নলবাৰীতো যোৱা নিশা অহা প্ৰচণ্ড ধুমুহাই জিলাখনৰ বিভিন্ন অঞ্চলত বিস্তৰ ক্ষতিসাধন কৰে। যোৱা নিশা বাৰমান বজাত অহা এজাক প্ৰচণ্ড ধুমুহাই জিলাখনৰ বিশেষকৈ বালিকৰিয়া, চামতা, সাহপুৰ, নিজপকোৱা, সন্ধেলী, বালিজাৰ, খাৰজাৰা, ঘগ্ৰাপাৰ আদি অঞ্চলত ব্যাপক ক্ষতিসাধন কৰে। প্ৰচণ্ড ধুমুহাত বহু পৰিয়ালৰ ঘৰৰ টিনপাত উৰুৱাই নিয়াত একপ্ৰকাৰ গৃহহীন হৈ পৰে এনে পৰিয়াল। আনহাতে, গছ-গছনি উভালি পৰাত বহু অঞ্চলত যাতায়াত বন্ধ হৈ পৰাৰ লগতে বিভিন্ন স্থানত বিদ্যুতৰ খুটা উভালি পৰাত এনে অঞ্চলসমূহত যোৱা…
