Browsing Category

অসম

অসম কৃষি বিশ্ববিদ্যালয়ৰ কৃষি প্ৰযুক্তি উষ্মায়ক কেন্দ্ৰ (নীতিহাব)ৰ উদ্যোগত ১৭ গৰাকী সম্ভাৱনাপূৰ্ণ উদ্যোগীক ১•৫১ কোটি টকাৰ চেক বিতৰণ

শতাব্দ প্ৰতিনিধি, যোৰহাট, ২৫ এপ্ৰিলঃ যোৰহাটৰ অসম কৃষি বিশ্ববিদ্যালয়ত অৱস্থিত নীট ই হাব তথা  অটল ইনক্যুবেশ্যন চেন্টাৰে ২০২০-২১ বৰ্ষৰ কৃষি আৰু আনুষংগিক খণ্ডৰ ১৭ গৰাকী সম্ভাৱনাপূৰ্ণ উদ্যোগীক ১ কোটি ৫১ লাখ টকাৰ অৰ্থসাহাৰ্য প্ৰদান কৰিছে। ভাৰত চৰকাৰৰ কৃষি সমবায় তথা কৃষক কল্যাণ মন্ত্ৰালয়ৰ তৰফৰ পৰা ৰাষ্ট্ৰীয় কৃষি বিকাশ যোজনাৰ দ্বাৰা কৃষি আৰু আনুসংগিক খণ্ডসমুহৰ পুনৰ উজ্জীৱিত উদ্দেশ্যে প্ৰৱৰ্তিত 'ৰাফটাৰ' ৰ অধীনত  ২০ এপ্ৰিল তাৰিখে এই অৰ্থসাহাৰ্যৰ চেক প্ৰদান কৰা হয়। উত্তৰ পূব ভাৰতৰ ৰাজ্যকেইখনৰ ভিতৰত নিৰ্বাচিত সম্ভাৱনাপূৰ্ণ…

চপাই আঞ্চলিক ৰঙালী বিহু সন্মিলনীৰ মঞ্চত ন – পুৰণি অসমীয়া গীতৰ মহাৰণ

শতাব্দ প্ৰতিনিধি, মঙলদৈ, ২৫ এপ্ৰিলঃ ব্যতিক্ৰমী চিন্তা চৰ্চাৰ উন্মেষ ঘটাই চপাই নেহৰু ময়দানত চপাই যুৱ কল্যাণ কেন্দ্ৰই অনুষ্ঠিত কৰা 'ভয়চ অৱ দৰং' প্ৰতিযোগিতাত শ্ৰেষ্ঠত্ব অৰ্জন কৰিছে গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰ তথা ছিপাঝাৰ নিৱাসী হৃদয়ানন্দ নাথে। কালি নিশা ৯ বজাত সামৰণি পৰা ন পুৰণি গীতৰ এই মহাৰণত অংশগ্ৰহণ কৰা ৬২ জন প্ৰতিযোগীৰ ভিতৰত  হৃদয়ানন্দ নাথে শ্ৰেষ্ঠত্ব অৰ্জনেৰে লাভ কৰে ধনজিৎ দাস (বাবু) সোঁৱৰণী বঁটা আৰু নগদ ৩০০১ টকা। সংগীত শিল্পী তথা কামৰূপ মহানগৰ জিলাৰ গৃহৰক্ষী বাহিনীৰ জিলা কামাণ্ডেণ্ট বসন্ত শৰ্মাই উদ্বোধন কৰা আৰু…

নৱনিৰ্মীত তেজপুৰ কেঞ্চাৰ চেন্টাৰত স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্ত

শতাব্দ প্ৰতিনিধি তেজপুৰ, ২৫এপ্ৰিলঃ দেশৰ প্ৰধানমন্ত্ৰীয়ে অহা ২৮ এপ্ৰিলত মুকলি কৰাৰ পূৰ্বে ৰাজ্যৰ স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই আজি  পৰিদৰ্শন কৰিলে তেজপুৰ কেঞ্চাৰ চেন্টাৰ। উল্লেখযোগ্য যে, ৰাজ্যৰ আন ছয় স্থানৰ লগতে তেজপুৰৰ নিকটবৰ্ত্তী টুমুকীত স্থাপন কৰা কেঞ্চাৰ চেন্টাৰত আজি বিয়লি উপস্থিত হৈ  স্বাস্থ্যমন্ত্ৰী মহন্তই কেন্দ্ৰটো পৰিদৰ্শন কৰাৰ লগতে সকলো ইয়াৰ কামৰ অগ্ৰগতিৰ সবিশেষ বুজ লয়। প্ৰনিধানযোগ্য যে, টাটাৰ স’তে হোৱা চুক্তি অনুসৰি ৰাজ্যত নিৰ্মাণ সম্পূৰ্ণ হৈ উঠা সাত খন কেঞ্চাৰ চেন্টাৰ ২৮ এপ্ৰিলত দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে…

বিশ্বনাথৰ সাকোমঠা চাহ বাগিচাত শ্ৰমিকক বিনামূলীয়া চিকিৎসা সেৱা

শতাব্দ প্ৰতিনিধি, বিশ্বনাথ ২৫ এপ্ৰিলঃ বিশ্বনাথৰ সাকোমঠা চাহ বাগিছাৰ প্ৰয়াত স্বত্বাধিকাৰ তথা অধ্যক্ষ নিৰ্মলা ৰাণীৰ সোঁ‌ৱৰণত  ২৩ এপ্ৰিলত  চাহ বাগিচাখনত  এক বিনামূলীয়া স্বাস্থ্য শিবিৰৰ আয়োজন কৰা হয়।এই স্বাস্থ্য শিবিৰৰ উদ্বোধক ৰূপে অংশ গ্ৰহণ কৰি অৱসৰী স্বাস্থ্য বিষয়া ডাঃ নাৰায়ন উপাধ্যায়ে বহুমুত্ৰ আৰু ৰক্তচাপ ৰোগ সন্দৰ্ভত বিশদভাৱে আলোচনা কৰে। জ্যেষ্ঠ স্বাস্থ্য বিষয়া ডাঃ ৰঞ্জিত দাসে অংশ গ্ৰহণ কৰা এই বিনামূলীয়া স্বাস্থ্য শিবিৰ মুকলি কৰাৰ পূৰ্বেই প্ৰয়াত স্বতাধিকাৰ নিৰ্মলা ৰাণীৰ প্ৰতিচ্ছৱিত পুষ্পাঞ্জলি  আৰু বন্তি প্ৰজ্বলন কৰি শ্ৰদ্ধা…

২৮ এপ্ৰিলত ডিব্ৰুগড়লৈ দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীঃ সভাস্থলীত একাঁঠু পৰ্যন্ত পানী

ডিব্ৰুগড়ৰ পৰা জ্যোতিষ কুমাৰ পাতিৰঃ ন ৰূপত উজ্বলি উঠিছে ঐতিহ্যমণ্ডিত ডিব্ৰুগড় চহৰ। দিনে-নিশাই ব্যস্ত হৈ পৰিছে প্ৰশাসনিক বিষয়া-কৰ্মচাৰীসকল। কাৰণ ২৮ এপ্ৰিলত ডিব্ৰুগড়লৈ আহিব দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী। প্ৰধানমন্ত্ৰীৰ আগন্তুক অসম ভ্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি যুদ্ধকালীন প্ৰস্তুতি চলাইছে ডিব্ৰুগড় জিলা প্ৰশাসন তথা ৰাজ্য চৰকাৰে। স্বয়ং মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা ডিব্ৰুগড়ত দুদিন ধৰি বাহৰ পাতি প্ৰস্তুতি সন্দৰ্ভত তদাৰক কৰিছে। দেওবাৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই গড়কাপ্তনী মন্ত্ৰী, শক্তি মন্ত্ৰী, শ্ৰম মন্ত্ৰী আৰু অভিভাৱক…

তেজপুৰত বিশ্ব ধৰিত্ৰী দিৱস উদযাপন

শতাব্দ প্ৰতিনিধি তেজপুৰ, ২৪এপ্ৰিল: ৰাজ্য তথা উত্তৰ পূৰ্বাঞ্চলৰ অগ্রণী মানসিক স্বাস্থ্য চিকিৎসা প্ৰতিষ্ঠান তেজপুৰস্থিত লোকপ্ৰিয় গোপীনাথ বৰদলৈ আঞ্চলিক মানসিক স্বাস্থ্য প্ৰতিষ্ঠানত বিস্তৃত কার্যক্রমণিকাৰে উদযাপিত কৰা হয় বিশ্ব ধৰিত্ৰী দিৱস । সেই উদ্দেশ্যে প্ৰতিষ্ঠানখনৰ 'চেণ্টাৰ ফৰ ৰেহাবিলিটেচন'ৰ উদ্যোগত উদযাপিত হয় দিনযোৰা বৰ্ণিল কাৰ্যসূচী । আজি পুৱা ১১ বজাত প্ৰতিষ্ঠানৰ সঞ্চালক বিশিষ্ট মনোৰোগ চিকিৎসক ডা°শৈলেন্দ্ৰ কুমাৰ দেউৰীয়ে শুভাৰম্ভ কৰা অনুষ্ঠানত প্ৰায় ২০ জোপাতকৈও অধিক উন্নত মানৰ গছপুলি ৰোপণ কৰা হয় প্ৰতিষ্ঠান চৌহদত। অনুষ্ঠানত…

সীমিত সংখ্যক কৰ্মচাৰীৰে চলি আছে এপেক্স বেংক

শতাব্দ প্ৰতিনিধি তেজপুৰ ২৪ এপ্ৰিল: সীমিত সংখ্যক কৰ্মচাৰীৰ দ্বাৰা চলায় অহা এপেক্স বেংকত কৰ্মচাৰীৰ সংখ্যা বৃদ্ধি অবিহনে বেংক পৰিচালনা কৰা অসম্ভৱ। যথেষ্ট কষ্টৰে গ্ৰাহকক সেৱা আগবঢ়াই অহাৰ লগতে গ্ৰাহকসকলে যথেষ্ট সহযোগিতা আগবঢ়াই অহাৰ বাবে বেংক চলি আছে। অৱসৰ গ্ৰহণৰ পাছত ৰিক্ত হৈ থকা পদ সমুহ পূৰণ নকৰাকৈ বেংক চলাই থকা অসম্ভৱ। ৪৯ সংখ্যক এপেক্স বেংক এমপ্লয়িজ ইউনিয়নৰ অধিবেশনত অংশগ্ৰহণ কৰি এই মন্তব্য কৰে এপেক্স বেংক এমপ্লয়িজ ইউনিয়নৰ সম্পাদক উপেন ভূঞাই । তেজপুৰৰ মাজগাঁওস্থিত শ্ৰী শ্ৰী শংকৰ মন্দিৰ অনুষ্ঠানত কাৰ্যকৰী সভাপতি দীপক দাসৰ…

তেজপুৰত বিষুৱা উৎসৱ: স্মৃতি গ্ৰন্থ উন্মোচন

শতাব্দ প্ৰতিনিধি তেজপুৰ,২৪এপ্ৰিল: “এখন স্মৃতিগ্ৰন্থ পৰৱৰ্তী সময়ত এক ঐতিহাসিক সমল হৈ পৰে । অসমীয়া এক সংমিশ্ৰিত জাতি । অষ্ট্ৰিক,মংগোলীয় তথা আৰ্যসকল বিভিন্ন দিশৰ পৰা এসময়ত অসমলৈ আহিছিল । ইয়ালৈ এনেদৰেই বিভিন্ন সংস্কৃতিৰো আগমন ঘটিছিল । এই সকলো কৃষি নিৰ্ভৰ সংস্কৃতি । সংস্কৃতি এক বোৱতী নৈ । সময়ত ইয়ালৈ পৰিৱৰ্তন আহে । ইয়াৰ মাজতে আমি সকলোৱে নিজৰ সাংস্কৃতিক জাতীয় বৈশিষ্ট্য বৰ্তাই ৰাখিব লাগিব ।”--এই মন্তব্য তেজপুৰ সাহিত্য সভাৰ সভাপতি ড° ভূপেন শইকীয়াৰ । উল্লেখযোগ্য যে তেজপুৰৰ ঐতিহ্যমণ্ডিত বাণ থিয়েটাৰত আজি বৃহত্তৰ শোণিতপুৰ জিলা কোচ…

উত্তৰ মাৰ্ঘেৰিটা লেখিকা সংস্থাৰ তৃতীয় বাৰ্ষিক অধিবেশন সম্পন্ন

শতাব্দ প্রতিবেদক, মাৰ্ঘেৰিটা , ২৪ এপ্রিলঃ আজি দিনজোৰা কাৰ্যসূচীৰে উত্তৰ মাৰ্ঘেৰিটা লেখিকা সংস্থাৰ তৃতীয় বাৰ্ষিক অধিবেশনখন মাৰ্ঘেৰিটা উন্নয়ন খণ্ড সভাগৃহত অনুষ্ঠিত হয়। সংস্থাৰ সভানেত্রী টুনু গগৈ শইকীয়াৰ পৌৰোহিত্যত অনুষ্ঠিত সভাত উদেশ্য ব্যাখ্যা কৰে সম্পাদিকা পাৰুল শইকীয়া দুৱৰীয়ে। সুৰৰ দেউল সংগীত মহাবিদ্যালয়ৰ শিল্পীসকলে আৰম্ভণিতে সৰস্বতী বন্দনা পৰিবেশন কৰে। অসম লেখিকা সংস্থাৰ সম্পাদিকা অঞ্জলী ৰাজ কুমাৰী, বিশিষ্ট সাহিত্যিক বৰুণ বড়া, বিশিষ্ট অতিথি, অসম লেখিকা সংস্থাৰ প্রাক্তন সভানেত্রী ড° ইনু মহন্ত কলিতা আৰু লেখিকা সংস্থাৰ লিডু…

বৈচিত্ৰ্যময় অসমৰ পাতত নাই চ্যুকাফাৰ নাম

শতাব্দ প্ৰতিনিধি, শিৱসাগৰ, ২৪ এপ্ৰিলঃ বৰ অসমৰ ভেটি গঢ়োতা স্বৰ্গদেউ চ্যাউলুং চ্যুকাফাৰ নাম ৰাজ্যৰ শিক্ষা বিভাগে প্ৰস্তুত কৰা বৈচিত্ৰ্যময় অসম নামৰ পুথিখনৰ এটা পৃষ্ঠাত অতি ৰহস্যজনক ভাৱে সৰ্ব প্ৰথমে উল্লেখ কৰাৰ পৰিৱৰ্তে বাদ দিয়াৰ ঘটনাই কালি নিশাৰে পৰাই শিৱসাগৰ জিলাখনৰ লগতে সমগ্ৰ উজনি অসমতেই তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে । মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ পৰা ড° ভূপেন হাজৰিকালৈকে উল্লেখ থকা পুথিখনৰ বিশেষ পৃষ্ঠাটোত স্বৰ্গদেউ চ্যাউল্যুং চ্যুকাফাৰ নাম উল্লেখ নথকাক লৈয়েই সৃষ্টি হৈছে এই প্ৰতিক্ৰিয়াৰ । নৱম শ্ৰেণীৰ পাঠ্যক্ৰমত সন্নিৱিষ্ট…