Browsing Category

অসম

সাৱধান :ৰেচন কাৰ্ডে বিপদ মাতিব পাৰে আপোনাৰ

মুক্তামণি ভূমিফুকন যদি আপোনাৰ ৰেচন কাৰ্ড আছে তেন্তে এই বাতৰিটো আপোনাৰ বাবে অতি গুৰুত্বপূৰ্ণ।ৰেচনকাৰ্ড সম্পৰ্কীয় কথাখিনি জানি আপুনি অনাকাংক্ষিত বিপদৰ পৰা মুক্ত হ'ব পাৰে। যি সময়ত দেশৰ লক্ষ লক্ষ যোগ্য জনতা ৰেচন কাৰ্ডৰ পৰা বঞ্চিত হৈ আছে ঠিক তেনে সময়তে হাজাৰ হাজাৰ ভূৱা হিতাধিকাৰীয়ে ৰেচন কাৰ্ডৰ গৰাকী হৈ চৰকাৰী ৰেচনৰ সুবিধা ভোগ কৰি দৰিদ্ৰৰ অধিকাৰ খৰ্ব কৰিছে। শেহতীয়াকৈ ভাৰত চৰকাৰে তেনে আযোগ্য হিতাধিকাৰীসকলক সতৰ্ক কৰি শীঘ্ৰে সেইসকলৰ ৰেচনকাৰ্ডসমূহ ঘূৰাই দিবলৈ নিৰ্দেশ প্ৰদান কৰিছে। যিসকল লোক ১০০ বৰ্গ মিটাৰ বা ১০৭৬.৩৯ বৰ্গ ফুটতকৈ…

কৃষি বিজ্ঞান কেন্দ্ৰ, লখিমপুৰৰ সৌজন্যত কৃষক মেলা

শতাব্দ প্ৰতিনিধি, লখিমপুৰ ২৬এপ্ৰিলঃ কৃষি বিজ্ঞান কেন্দ্ৰ লখিমপুৰ আৰু কৃষি প্ৰযুক্তি ব্যৱস্থাপনা অভিকৰণ ৰ সহযোগত আজি কৃষি বিজ্ঞান কেন্দ্ৰ চৌহদত স্বাধীনতাৰ অমৃত মহোৎসৱৰ অন্তৰ্গত কৃষকৰ সহযোগিতা, আমাৰ প্ৰাথমিকতা অভিযান শীৰ্ষক অনুষ্ঠানটিৰ লগত সংগতি ৰাখি কৃষক মেলা অনুষ্ঠিত কৰা হয় । জিলাখনৰ তিনিশৰো অধিক কৃষকৰ উপস্থিতিত দেশৰ কেন্দ্ৰীয় কৃষি মন্ত্ৰী নৰেন্দ্ৰ সিং তোমৰে পোনপটীয়া সম্প্ৰচাৰৰ জৰিয়তে দেশৰ কৃষকসকলক সম্বোধন কৰে । কৃষক মেলা অনুষ্ঠানটিত আদৰণি ভাষণ জনায় কেন্দ্ৰৰ মুৰব্বী ও জ্যেষ্ঠ বিজ্ঞানী ড॰ প্ৰশান্ত কুমাৰ পাঠকে । অনুষ্ঠানটিত…

তেজপুৰত নৱগঠিত পৌৰসভাৰ তৎপৰতা :উচ্ছেদ অভিযান

শতাব্দ প্ৰতিনিধি তেজপুৰ , ২৬ এপ্ৰিল :  পথৰ দাঁতিত তথা পদপথত অব্যাহত থকা বেদখলৰ বিৰুদ্ধে আজি তেজপুৰ পৌৰসভা আৰু সদৰ ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ে গ্ৰহণ কৰিলে উচ্ছেদ অভিযান । উল্লেখযোগ্য যে, তেজপুৰ কনকলতা অসামৰিক চিকিৎসালয়ৰ পৰা পথৰ দুয়োকাষে অনুমতিবিহীন ভাবে থকা দোকানসমূহ উচ্ছেদ কৰা হয় । তদুপৰি, পথৰ দাঁতিত অবৈধ ভাবে যান বাহন ৰখা স্থান সমূহো মুক্ত কৰিছে । বিগত সময়ত এনে বিশৃংখল কাৰ্যকলাপৰ বাবে চহৰখনত যানজঁটৰ সমস্যাৰ উদ্ভৱ হোৱাৰ লগতে বহু ব্যৱসায়িক প্ৰতিষ্ঠানে তেওঁলোকৰ সামগ্ৰী পদপথত ৰখাৰো ব্যৱস্থা কৰি লৈছিল । ফলত পদপথৰ বহু অংশৰে…

তেজপুৰত “কৃষকৰ অংশীদাৰিত্ব আমাৰ প্ৰাথমিকতা “শীৰ্ষক কৃষক মেলা

শতাব্দ  প্ৰতিনিধি তেজপুৰ, ২৬ এপ্ৰিল: কৃষক সকল আমাৰ সম্পদ। এই কৃষক সকলক সঠিক বাটে আগুৱাই নিয়াৰ দায়িত্ব আমাৰ আৰু এইসকলক উপযুক্ত এখন বজাৰ দিয়াৰ দায়িত্বও আমাৰ। এই মন্তব্য কৰে শোণিতপুৰৰ উপায়ুক্ত দেৱ কুমাৰ মিশ্ৰই ।আজি নপামস্থিত কৃষি বিজ্ঞান কেন্দ্ৰত স্বাধীনতাৰ অমৃত মহোৎসৱৰ লগত সংগতি ৰাখি ভাৰত চৰকাৰৰ কৃষি মন্ত্ৰণালয়ে ২৫ এপ্ৰিলৰ পৰা ৩০এপ্ৰিললৈ কৃষকৰ কল্যানৰ বাবে "কৃষকৰ অংশীদাৰিত্ব আমাৰ প্ৰাথমিকতা"ৰ অভিযানৰ অধীনত শোণিতপুৰ জিলা কৃষি বিজ্ঞান কেন্দ্ৰৰ উদ্যোগত কৃষক মেলাত অংশ গ্ৰহণ কৰি উপায়ুক্ত গৰাকীয়ে আৰু কয় - বৰ্তমান চৰকাৰে কৃষকৰ আৰ্থিক…

২ মে’ৰ পৰা তামুলপুৰত বড়ো সাহিত্য সভাৰ ৬১ সংখ্যক অধিবেশন

শতাব্দ প্ৰতিনিধি, তামুলপুৰ , ২৬ এপ্ৰিল : অহা ২ ,৩ আৰু ৪ মে'ত তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে তামুলপুৰ জিলাৰ কচুবাৰীৰ শান্তিৰ পথাৰত (গৌজ'ন ফৌথাৰ) অনুষ্ঠিত হ’ব বড়ো সাহিত্য সভাৰ ৬১ সংখ্যক অধিবেশন । ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লগতে মেঘালয়, ত্ৰিপুৰা, নেপাল, বাংলাদেশ আদিৰ পৰাও প্ৰতিনিধি অংশগ্ৰহণ কৰিব লগীয়া অধিবেশনৰ ৪ মে'ৰ মুকলি অধিবেশনত মুখ্য অতিথি হিচাপে উপস্থিত থাকিব দেশৰ ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দ । উপস্থিত থাকিব ৰাজ্যপাল জগদীশ মুখী, মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা, মেঘালয় আৰু ছিকিমৰ মুখ্যমন্ত্ৰী । অধিবেশনখনি সাফল্য মণ্ডিত কৰি…

মাজুলীৰ সত্ৰাধিকাৰক সামাজিক মাধ্যমত বিৰূপ মন্তব্য

শতাব্দ প্ৰতিনিধি,মাজুলী,২৬এপ্ৰিল: সামাজিক মাধ্যম ফেচবুকত অশুভনীয় বাক্য ব্যৱহাৰ কৰি মাজুলীৰ ঐতিহাসিক আউনীআটী সত্ৰৰ সত্ৰাধিকাৰ আৰু দক্ষিণপাট সত্ৰৰ সত্ৰাধিকাৰ দুজনাক অপমান কৰা কাৰ্য সহজ ভাবে লোৱা নাই মাজুলীবাসীয়ে। এই কাৰ্যৰ বিৰুদ্ধে জাঙুৰ খাই উঠিছে মাজুলীবাসী।পৰম্পৰা ৰীতি নীতিৰ মাজেৰে সাংস্কৃতিক ক্ষেত্ৰখনলৈ অৱদান আগবঢ়াই অহা এই সত্ৰীয়া অনুষ্ঠানসমূহৰ লগতে সত্ৰাধিকাৰসকলক কোনো উদ্দেশ্য প্ৰণোদিত ভাবে এচাম লোকে সামাজিক মাধ্যমত কৰি অহা অপমানক তীব্ৰ ভাষাৰে গৰিহণা দিয়াৰ লগতে এনে কাৰ্যৰ পৰা বিৰত থাকিবলৈ সকীয়াই দিছে। কেইদিনমানৰ পূৰ্বে…

৩০ এপ্ৰিলত অসম গণিত শিক্ষায়তনৰ ৩৬ সংখ্যক অধিৱেশন

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, ২৬ এপ্ৰিলঃ  অসম গণিত শিক্ষায়তনৰ ৩৬ সংখ্যক দ্বি-বাৰ্ষিক অধিৱেশনখনি অহা ৩০ এপ্ৰিল শনিবাৰে দিনজোৰা কাৰ্যসূচীৰে লখিমপুৰৰ অগ্ৰণী শৈক্ষিক প্ৰতিষ্ঠান এল.টি.কে. মহাবিদ্যালয়ত অনুষ্ঠিত কৰিবলৈ প্ৰস্তুতি চলোৱা হৈছে । বিশিষ্ট গণিতজ্ঞ নন্দৰাম দাস সোঁৱৰণী ক্ষেত্ৰত অনুষ্ঠিত হ’বলগা অধিৱেশনখনিৰ পতাকা উত্তোলন কৰিব অসম গণিত শিক্ষায়তনৰ সভাপতি ড॰ ৰামচন্দ্ৰ ডেকাই । পুৱা ১০-৩০ বজাৰ পৰা অনুষ্ঠিত হ’ব লগা ‘গণিত শিক্ষাৰ গুৰুত্ব আৰু ৰাষ্ট্ৰীয় শিক্ষা নীতিঃ ২০২০’ শীৰ্ষক আলোচনা-সত্ৰত উদ্বোধক হিচাপে উপস্থিত থাকিব লখিমপুৰ…

আন্তঃ-ডায়েট শৈক্ষিক বিনিময় কাৰ্যসূচী

উত্তৰ লখিমপুৰ, ২৬ এপ্ৰিলঃ  জিলা শিক্ষা আৰু প্ৰশিক্ষণ প্ৰতিষ্ঠান লখিমপুৰ আজাদলৈ তিনিচুকীয়া জিলাৰ পৰা জিলা শিক্ষা আৰু প্ৰশিক্ষণ প্ৰতিষ্ঠানৰ এটা দলে এক্সপজাৰ ভ্ৰমণৰ অংশ হিচাপে ২৫ এপ্ৰিল তাৰিখে লক্ষীমপুৰলৈ আহে । জ্যেষ্ঠ প্ৰবক্তা, প্ৰবক্তা, কাৰ্যালয় সহায়ক, ডি.এল.এড. প্ৰশিক্ষাৰ্থী আদিৰে গঠিত দলটোৰ নেতৃত্ব বহন কৰে ডায়েট তিনিচুকীয়াৰ অধ্যক্ষা সঞ্চিতা গগৈয়ে। দলটোক ডায়েট লখিমপুৰৰ মূল তোৰণৰ পৰাই প্ৰতিষ্ঠানখনৰ অধ্যক্ষাসহ পৰিয়ালে সাদৰ আদৰণি জনায়। ডায়েট তিনিচুকীয়াৰ প্ৰতিনিধি বৰ্গৰ সন্মানাৰ্থে আয়োজিত অনুষ্ঠানটোত ডি.এল.এড. প্ৰথম ষান্মাসিকৰ…

আৰক্ষী বিষয়াৰ বিৰুদ্ধে সংবাদমেল অনুষ্ঠিত কৰি ৰোষত কনিষ্টবল

শতাব্দ প্ৰতিনিধি, লখিমপুৰ ২৬ এপ্ৰিল: লখিমপুৰত আৰক্ষী বিষয়াৰ‌ বিৰুদ্ধে সংবাদমেল অনুষ্ঠিত কৰি উৰ্ধতন আৰক্ষীৰ ৰোষত পৰিল বিহপুৰীয়া থানাৰ কনিষ্টবল প্ৰেমধৰ নৰহ। আজি তেওঁক ৰিজাৰ্ভ ক্লজ কৰা হয়। উল্লেখ্য যে সোমবাৰে বিহপুৰীয়া থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া উৎপল বৰাৰ বিৰুদ্ধে একেখন থানাৰে কনিষ্টবল প্ৰেমধৰ নৰহে নৰ্থ লখিমপুৰ প্ৰেছ ক্লাবত সংবাদ মেল অনুষ্ঠিত কৰি উৎপল বৰাই সামান্য কথাতে থানাৰ কোঠাত আৱদ্ধ কৰি নৰহক গুৰুতৰ ভাৱে প্ৰহাৰ কৰে। সংবাদমেল যোগে এই কথা মুকলিকৈ সদৰি কৰাৰ পিছত আজি নৰহক আৰক্ষী অধীক্ষকে ৰিজাৰ্ভ ক্লজ কৰে। ইফালে…

লখিমপুৰত ডাঃ হেমন্ত কুমাৰ দত্তৰ স্মাৰক গ্ৰন্থ ” অনুকাশ” উন্মোচন

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ,২৬ এপ্ৰিলঃ লখিমপুৰৰ এগৰাকী জনপ্ৰিয় তথা দায়বদ্ধ চিকিৎসক প্ৰয়াত ডাঃ হেমন্ত কুমাৰ দত্তৰ স্মৃতিত আজি তেঁওৰ জন্মদিনতে 'অনুকাশ' The reflection of light নামৰ স্মাৰক গ্ৰন্থখনি উন্মোচন কৰা হয়। উত্তৰ লখিমপুৰৰ খেলমাটিৰ বাসগৃহত আজি বিয়লি ৩.৩০ বজাৰ পৰা আয়োজিত এক গাম্ভীৰ্যপূৰ্ণ সভাত স্মাৰক গ্ৰন্থখনি উন্মোচন কৰে বিশিষ্ট লেখিকা ড° অমিয়া ৰাজবংশীয়ে।অনুষ্ঠানৰ আৰম্ভণিতে মাধব দত্তই বন্তি প্ৰজ্বলন কৰি প্ৰয়াত দত্তৰ গুণসমূহৰ ওপৰত আলোকপাত কৰে। সভাত লখিমপুৰ বালিকা মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ ড° মুকুন্দ ৰাজবংশী,…