তেজপুৰৰ মাজগাঁও বৰ নামঘৰত কৃতি শিক্ষাৰ্থী – সাংস্কৃতিক কৰ্মীক আশিস প্ৰদান

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, তেজপুৰ, ১৮ জুনঃ নিজা চেষ্টাৰে জীৱন গঢ়াত ব্ৰতী তথা ৰাজ্যখনৰ লগতে অঞ্চলটোলৈ শৈক্ষিক, সাংস্কৃতিক ক্ষেত্ৰত পাৰদৰ্শিতা প্ৰদৰ্শন কৰা ২৬ গৰাকীক যোৱা নিশা তেজপুৰৰ মাজগাঁও বৰনামঘৰত এক ব্যতিক্ৰমী কাৰ্যসূচীত ভৱিষ্যত উজ্জ্বল…

বিহিয়াগাঁৱকে ধৰি চাৰিখন গাঁৱত জীয়াভৰলীৰ খহনীয়াৰ ভয়াবহ ৰূপঃ শংকিত নৈপৰীয়া ৰাইজ

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ,তেজপুৰ,১৮জুনঃ তেজপুৰ চহৰৰ নিকটৱৰ্তী বিহিয়াগাঁও,কোৰকানি আৰু চামধৰা নামৰ তিনিখন গাঁৱৰ বহু মাটি সম্পত্তি ইতিমধ্যেই জীয়াভৰলীৰ গৰাখহনীয়াত নিঃশেষ কৰাৰ পাছত বৰ্তমান পুনৰ এই বৃহত্তৰ অঞ্চল যোৱা চাৰিদিনে হোৱা ভয়ানক খহনীয়াত…

তেজপুৰত পথৰ দুৰৱস্থাঃ পথত জালমাৰি ৰাইজৰ প্ৰতিবাদ

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ,তেজপুৰ,১৮জুনঃ তেজপুৰৰ বেছেৰীয়া গাঁও পঞ্চায়তৰ এটা পথৰে বাৰিষা একঁকাল পানী হোৱাৰ লগতে খৰালিও বিধ্বস্ত অৱস্থাৰ বাবে যাতায়াতৰ ক্ষেত্ৰত দুৰ্বিষহ হৈ পৰে৷ স্হানীয় ৰাইজে এই পথটোৰ উন্নয়নৰ নামত সামান্য হ’লেও সকাহ বিচাৰি বহুবাৰ…

ভাৰত চৰকাৰৰ বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা আৰু আই আই টি, ৰুৰকিৰ দ্বাৰা ছাত্ৰ-ছাত্ৰীক জীৱিকা নিদান

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ তেজপুৰ, ১৮জুনঃ তেজপুৰৰ নিকটৱৰ্তী কাৱৈমাৰীৰ যুগল উচ্চতৰ মাধ্যমিক বিদ্যালয়ত ভাৰত চাৰকাৰৰ উদ্যোগত অনুষ্ঠিত দুদিনীয়া প্ৰশিক্ষণ আজি বিয়লি অন্ত পৰে৷  বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা বিভাগ, ভাৰত চৰকাৰ (Science and Technology,…

মূল্যবোধ সম্পন্ন সমাজৰ সুস্থ নাগৰিক হোৱাৰ আহ্বানেৰে ৪৮ শিক্ষাৰ্থীক অভিনন্দন

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ তেজপুৰ , ১৭ জুন : সদ্য ঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত তেজপুৰ বেছেৰীয়া উচ্চতৰ মাধ্যমিক পৰীক্ষা কেন্দ্ৰৰ পৰা অৱতীৰ্ণ হৈ কৃতিত্বৰ পৰিচয় দিয়া শিক্ষাৰ্থীসকলক আজি স্হানীয় "জ্ঞানম"…

লখিমপুৰ বাণিজ্য মহাবিদ্যালয়ত ৰূপকোঁৱৰৰ ১২০ সংখ্যক জন্ম বাৰ্ষিকী পালন

উত্তৰ লখিমপুৰ, ১৭ জুনঃ অসমীয়া সংস্কৃতি আৰু সাহিত্যলৈ তেওঁৰ অপৰিসীম অৱদানৰ কথা স্মৰণ কৰি আজি ৰাজ্যৰ বাকী অংশৰ লগতে লখিমপুৰ বাণিজ্য মহাবিদ্যালয়তো ৰূপকোঁৱৰ জ্যোতি প্ৰসাদ আগৰৱালাৰ ১২০ সংখ্যক জন্ম বাৰ্ষিকী পালন কৰা হয়। মহাবিদ্যালয়খনৰ অধ্যক্ষ…

তেজপুৰৰ ঔগুৰি পাহাৰ গতালে হোটেল কোম্পানীক

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, তেজপুৰ, ১৭জুনঃ যিসময়ত ৰাজ্যৰ খিলঞ্জীয়া লোকক উচ্ছেদ কৰা হৈছে,সেই সময়তে তেজপুৰৰ ঔগুৰি পাহাৰ গতাই দিয়া হৈছে কোনো ব্যৱসায়িক৷ তেজপুৰীয়া ৰাইজৰ অজ্ঞাতে তেজপুৰ চক্ৰ বিষয়াৰ কাৰ্যালয়ৰ সহযোগত তথা চৰকাৰী অনুমোদনত এই কাৰ্য কৰা…

জ্যোতি বন্দনাৰে মুখৰ হ’ল তেজপুৰ

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ তেজপুৰ, ১৭ জুন: ৰূপান্তৰৰ শিল্পী ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ ১২১ সংখ্যক ওপজা দিনটোত আজি পুৱাৰে পৰা প্ৰতিকুল বতৰকো নেওচি ৰূপকোঁৱৰ গৰাকীৰ কৰ্ম সাধনাৰ স্হলী তেজপুৰত ৰূপকোঁৱৰ বন্দনাৰে মুখৰিত কৰি তোলে কেবাটাও অনুষ্ঠানে।…

ডিপোতা নৈৰ বাঢ়নি পানীয়ে উটুৱাই নিলে যুৱকক

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, তেজপুৰ, ১৭জুনঃ তেজপুৰ চহৰৰ নিকটৱৰ্ত্তী ডিপোতা নৈৰ বাঢ়নি পানীৰ সোঁতে কালি সন্ধ্যা প্ৰায় ৭মান বজাত এজন যুৱকক উটুৱাই নিয়ে৷ বাঁহবাৰী মৌজা অন্তৰ্গত ঘগৰা আৰু কঠালগুৰি সংযোগী পথৰ ওপৰত থকা ডিপোটা দলংঙত সংঘটিত হয় এই শোকাবহ…

অসমৰ বন বিষয়া-কৰ্মীলৈ অৰুণাচলীৰ গুলীচালনা

অসম অৰুণাচল সীমান্তৰ ৰামপুৰত উত্তেজনা পুনৰ অসমৰ বনাঞ্চল ধবংস শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, লখিমপুৰ, ১৭ জুনঃ লখিমপুৰ জিলাৰ হাৰমতী আঞ্চলিক বন কাৰ্যালয়ৰ অন্তৰ্গত ৰামপুৰত আজি অৰুণাচলীয়ে পুনৰ অসমৰ বন বিষয়া-কৰ্মীলৈ লক্ষ্য কৰি গুলীচালনা কৰে৷…