পুনৰ মূল্যবৃদ্ধি! ১৮ জুলাইৰ পৰা বাঢ়িব অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য

শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ১৩ জুলাই : বস্তুৰ বৰ্ধিত মূল্য দেখি হতাশ হৈ পৰিছে সাধাৰণ মানুহ। দৈনিক ভাতসাজ খোৱাৰ ক্ষেত্ৰতো অসুবিধা পাইছে। কেৱল খাদ্যই নহয়, বিভিন্ন অত্যাৱশ্যকীয় সামগ্ৰীৰ দামবোৰো দিনক দিনে সাধ্যৰ বাহিৰ হৈ গৈ আছে। কম আয় আৰু বৃদ্ধি…

মালদ্বীপলৈ পলায়ন শ্ৰীলংকাৰ ৰাষ্ট্ৰপতিৰ

শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ১৩ জুলাই : আজি ১৩ জুলাইৰ পুৱা শ্ৰীলংকাৰ ৰাষ্ট্ৰপতি ৰাজাপাকছাই নিজৰ দেশৰ এৰি মালদ্বীপলৈ উৰা মাৰিলে। যিটো তেওঁৰ দ্বীপৰাষ্ট্ৰৰ এতিয়ালৈকে হোৱা আটাইতকৈ ভয়াৱহ অৰ্থনৈতিক সংকটৰ বিৰুদ্ধে কেইবামাহো ধৰি চলি অহা ব্যাপক…

তিনিচুকীয়াৰ হেবেদা গাঁৱত বাঘৰ সন্ত্ৰাস

শতাব্দ প্ৰতিনিধি, তিনিচুকীয়া, ১২ জুলাই : তিনিচুকীয়া জিলাৰ মাকুমৰ ২ নং হেবেদা গাঁৱত এটা নাহৰফুটুকী বাঘক কেন্দ্ৰ কৰি বিৰাজ কৰিছে এক আতংকময় পৰিৱেশে । উল্লেখ্য যে খাদ্যৰ সন্ধানত কাষৰীয়া বনাঞ্চলৰ পৰা ওলাই আহি গাঁওখনত প্ৰবেশ কৰা বাঘটোৱে সোমবাৰে…

তেজপুৰত একেলগে ড° যতীন্দ্ৰ কুমাৰ চৌধুৰীৰ তিনিখনকৈ গ্ৰন্থ উন্মোচন

শতাব্দ প্ৰতিনিধি তেজপুৰ,১২জুলাই: যোৰহাট কৃষি বিশ্ববিদ্যালয়ৰ এগ্ৰোনমি বিভাগৰ অৱসৰপ্ৰাপ্ত মুৰবী অধ্যাপক তেজপুৰৰ এজন সুলেখক তথা কবি ড° যতীন্দ্ৰ কুমাৰ চৌধুৰীৰ তিনিখনকৈ গ্ৰন্থ আজি একেলগে তেজপুৰস্থিত শোণিতপুৰ জাৰ্ণেলিষ্ট ইউনিয়নৰ সভাকক্ষত উন্মোচন…

অভিনৱ থিয়েটাৰ শিশু নাট কৰ্মশালাৰ শুভাৰম্ভ

উত্তৰ লখিমপুৰ, ১২ জুলাইঃ অভিনৱ থিয়েটাৰৰ দ্বাৰা লখিমপুৰ জিলাৰ ফুলবাৰী বোকানদীত একেলগে দুটা স্থানত আয়োজন কৰা শিশু নাট কৰ্মশালাৰ শুভ উদ্বোধন কৰা হয়। ১২ জুলাইৰ পৰা ২৬ জুলাইলৈকে তৰুন কৃষ্ণ নাথৰ পৰিচালনাত অভিনৱ থিয়েটাৰ প্ৰকল্পত অনুষ্ঠিত কৰা…

তিনিচুকীয়ালৈ দক্ষতা বিকাশৰ বাবে আহিল ডি জি পি মহন্ত

শতাব্দ প্ৰতিনিধি, তিনিচুকীয়া, ১২ জুলাই : আজি তিনিচুকীয়াৰ হোলোং নামৰ হোটেলখনৰ প্ৰেক্ষাগৃহত জিলা আৰক্ষীৰ উদ্যোগত অনুষ্ঠিত "দক্ষতা বিকাশ আৰু কাৰিকৰী বৃত্তিগত জীৱিকাৰ ওপৰত পৰামৰ্শসভাত মুখ্য পৰামৰ্শদাতাৰূপে অংশগ্ৰহণ কৰে অসম আৰক্ষীৰ সঞ্চালকপ্ৰধান…

লখিমপুৰত জনসংখ্যা সমাধান অধীনিয়ম ৰূপায়ণৰ দাবীত স্মাৰক পত্ৰ

শতাব্দ প্ৰতিনিধি , লখিমপুৰ, ১২ জুলাই : বিশ্বত দিনক দিনে বৃদ্ধি পাই অহা জনবিস্ফোৰণে গুৰুতৰ ৰূপ ধাৰণ কৰি অহাৰ সময়তে সোমবাৰে সমগ্ৰ দেশৰ লগতে লখিমপুৰতো জনসংখ্যা সমাধান অধীনিয়ম ৰূপায়ণৰ দাবীত জিলা উপায়ুক্তক এখন স্মাৰক পত্ৰ প্ৰদান কৰে জনসংখ্যা…

তেজপুৰৰ ১৬গৰাকী বিশিষ্ট চিকিৎসকলৈ ৰটাৰী ক্লাৱৰ সন্মান

শতাব্দ প্ৰতিনিধি তেজপুৰ, ১২জুলাই: ইতিমধ্যেই জীৱনৰ ৮০বছৰ অতিক্ৰম কৰা তথা ইয়াৰে ভিতৰত ৫০বছৰৰ অধিক দীঘলীয়া সময় চিকিৎসক হিচাপে দেশ তথা ৰাইজৰ সেৱাত অতিক্ৰম কৰা তেজপুৰৰ ১৫গৰাকী প্ৰবীন চিকিৎসক আৰু এগৰাকী নবীন চিকিৎসকক তেজপুৰত বিশেষভাবে সন্মানিত…

ভট্টদেৱ বিশ্ববিদ্যালয়ত ভূগোল বিষয়ৰ অসমীয়া ভাষাৰ আলোচনী ‘ভৌগোলিকা’ উন্মোচন

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, ১২ জুলাইঃ উত্তৰ-পূৱ ভাৰতৰ ভূগোল সংস্থাৰ অসমীয়া ভাষাৰ একমাত্ৰ ভূগোল বিষয়ক আলোচনী ‘ভৌগোলিকা’ৰ ২১ সংখ্যক সংখ্যাটি আজি ভট্টদেৱ বিশ্ববিদ্যালয় ডিজিটেল প্ৰেক্ষাগৃহত উন্মোচন হৈ যায়। ভট্টদেৱ বিশ্ববিদ্যালয়ৰ ভূগোল বিজ্ঞান বিভাগৰ…

অৰুণাচলত পথ নিৰ্মাণৰ বাবে বি আৰ অ’ই ব্যয় কৰিব ১,৪০০ কোটি

শতাব্দ প্ৰতিনিধি, তিনিচুকীয়া, ১২ জুলাই : দেশৰ সীমান্তৱৰ্তী অঞ্চলত পথ নিৰ্মাণকাৰ্য্যত নিয়োজিত বৰ্ডাৰ ৰ’ডছ অৰগেনাইজেছন (বি আৰ অ’) নামৰ সংস্থাটোৱে অৰুণাচল প্ৰদেশত পথ নিৰ্মাণৰ বাবে এইটো বৰ্ষত প্ৰায় ১,৪০০ কোটি টকা ব্যয় কৰিব । উল্লেখ্য যে বি আৰ…