উত্তৰ-পূৱৰ নেতৃত্বৰে তেজপুৰৰ বৰ্ণালী দেৱীৰ কৃতিত্ব

0 0

শতাব্দ, ষ্টাফ ৰিপৰ্টাৰ তেজপুৰ, ২৯ জানুৱাৰীঃ ৰাষ্ট্ৰীয় যুৱ মহোৎসৱত তেজপুৰৰ লোকপ্ৰিয় গোপীনাথ বৰদলৈ কন্যা মহাবিদ্যালয়ৰ বৰ্ণালী দেৱীৰ নেতৃত্বত উত্তৰ-পূৱৰ সাতখন ৰাজ্যৰ যোগদানৰ এক আশাব্যঞ্জক খবৰে তেজপুৰবাসীক আহ্লাদিত কৰি তুলিছে। উল্লেখ্য যে, যোৱা ১২ জানুৱাৰীৰ পৰা পাঁচদিনীয়াকৈ কৰ্ণাটকৰ হুবলি আৰু ডাৰ্ৱাদত অনুষ্ঠিত ২৬ সংখ্যক ৰাষ্ট্ৰীয় যুৱ মহোৎসৱত অসম আৰু চিকিমৰ লগতে উত্তৰ-পূবৰ সাতোখন ৰাজ্যক নেতৃত্বত দিয়াৰ বিৰল কৃতিত্বৰ অধিকাৰী হৈ তেজপুৰ তথা জিলাখনলৈ গৌৰৱ কঢ়িয়াই আনে তেজপুৰ কন্যা মহাবিদ্যালয়ৰ ৰাষ্ট্ৰীয় সেৱা আঁচনিৰ তত্বাৱধায়িকা বৰ্ণালী দেৱীয়ে। পাঁচদিনীয়া এই যুৱ মহোৎসৱত সমগ্ৰ ভাৰতৰ প্ৰতিখন ৰাজ্যৰ সহস্ৰাধিক ৰাষ্ট্ৰীয় সেৱা আঁচনিৰ স্বেচ্ছাসেৱকে অংশগ্ৰহণ কৰা এই আড়ম্বৰপূৰ্ণ অনুষ্ঠানত অসম আৰু চিকিমকে ধৰি উত্তৰ-পূৱ ভাৰতৰ আটাইকেইখন ৰাজ্যৰ মুঠ ৬০ গৰাকী স্বেচ্ছাসেৱকে যোগদান কৰে। তেজপুৰ লোকপ্ৰিয় গোপীনাথ বৰদলৈ কন্যা মহাবিদ্যালয়ৰ ৰাষ্ট্ৰীয় সেৱা আঁচনিৰ তত্বৱধায়িকা বৰ্ণালী দেৱী অসম আৰু চিকিমকে ধৰি উত্তৰ-পূৱৰ আটাইকেইখন ৰাজ্যৰ নেতৃত্ব প্ৰদানৰ বাবে মনোনীত হোৱাটো এক আশাব্যঞ্জক খবৰ হিচাপে বিবেচিত হয়। বৰ্ণালী দেৱীৰ উপৰিও তেজপুৰ কন্যা মহাবিদ্যালয়ৰ ছাত্ৰী দীক্ষিতা বৰাই এই অনুষ্ঠানত যোগদান কৰাৰ বাবে মনোনীত হোৱাত মহাবিদ্যালয়খনৰ কৰ্তৃপক্ষই সকলোকে অভিনন্দন জনায় ।

মন্তব্য দিয়ক

Your email address will not be published.