ভয়াৱহ বান আৰু ভূমিস্খলনৰ বাবে ২৯ খন ৰে’লৰ যাত্রা বাতিল

শেহতীয়া বান আৰু ভূমিস্খলনৰ ভয়াৱহ পৰিস্থিতিৰ বাবে আংশিকভাৱে ১১খন ৰে’লৰ যাত্ৰা বাতিল কৰা হৈছে। আনহাতে সম্পূৰ্ণৰূপে বাতিল কৰা হৈছে ১৮খন ৰে’লৰ যাত্ৰা। নেৰানেপেৰা বৰষুণৰ ফলত ঠায়ে ঠায়ে ভয়ংকৰ ভূমিস্খলন হোৱাৰ পৰিপ্ৰেক্ষিতত ৰেল আৰু ঘাইপথেৰে…

পৰাগ দাৰ সান্নিধ্য

অৰিন্দম তালুকদাৰআত্মা নামৰ পৰিৱেশ সংৰক্ষণ বিষয়ক কামত জড়িত অনা চৰকাৰী সংস্থাৰ সম্পাদক অভিযন্তা প্ৰয়াত পৰিমল দাসৰ সহযোগত বুধবাৰ কাকতৰ উদ্যোগত অসমৰ সীমামূৰীয়া ধুবুৰী জিলাৰ আৰ্থ- সামাজিক বিষয়ক এক সমীক্ষা চলাবৰ বাবে পৰাগ কুমাৰ দাস,…

দেশৰ এটৰ্নী জেনেৰেল কে কে বেণুগোপালৰ মহানুভৱতা

ৰাণু বৰুৱা, ১৭ মে' : অৱশেষত থিৰুৱনন্তপুৰমত থকা কেৰালা বিশ্ববিদ্যালয়ৰ আইন বিভাগৰ পুথিভঁৰালত দেওবাৰে ১২ লাখ টকা মূল্যৰ এখন গ্ৰন্থৰ প্ৰৱেশ ঘটিল। মুঠ ৫৪ টা খণ্ডত বিভক্ত আইন সম্পৰ্কীয় এই গ্ৰন্থখনৰ নাম 'Chisum on Patents'। আমেৰিকা…

কৰ্ম সংস্থাপন প্ৰয়াসীৰ বাবে বিচিত্ৰ ডেকাই গঢ়িছে কমাৰশাল–জ্ঞানম

শতাব্দ প্ৰতিনিধি, তেজপুৰ ১৬ মেঃ তেজপুৰৰ এগৰাকী উদ্যমী শিক্ষিত যুৱক । এই যুৱক গৰাকীয়ে ২০১৮ চনতেই গঢ়ি তোলা ‘‘জ্ঞানম কচিং চেন্টাৰ " নামৰ এক অনুষ্ঠানৰ জৰিয়তে সম্পূৰ্ণ নিজাববীয়া প্ৰচেষ্টাৰে বৰ্তমানলৈকে ৰাজ্যখনৰ বিভিন্ন প্ৰান্তৰ প্ৰায় ডেৰশ…

কৃষিক্ষেত্ৰত  ‘আলোড়ন ‘-এ তুলিছে জোৱাৰ 

মুক্তাৰ আলী  'আলোড়ন'- অসমৰ কৃষি ক্ষেত্ৰৰ এটি চিনাকি নাম। আলোড়নৰ উৎপাদিত কোমল চাউল, চিৰা, হালধি, উখোৱা চাউল, তিল, সৰিয়হৰ তেল, ভজা চাউল ইত্যাদি এতিয়া বজাৰত সুলভ । অসমৰ পৰিধি নেউচি বহিঃৰাজ্যৰ বজাৰতো উপলব্ধ হৈছে আলোড়নৰ খাদ্য সামগ্ৰী।…

যোৰহাটত কৰ্মযোগী মুখ্যেশ্বৰ শইকীয়াৰ স্মাৰক বক্তৃতা

শতাব্দ প্ৰতিনিধি, যোৰহাট, ১৬ মে' : "অসমীয়া জাতিৰ জনক মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱ গুৰুজনাৰ মানৱ কল্যাণৰ সপোন বাস্তৱত ৰূপায়ণ কৰিবলৈ শ্ৰীমন্ত শঙ্কৰদেৱ সঙ্ঘক জগত সভাত প্ৰতিষ্ঠা কৰাত সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱাৰ অনবদ্য অৱদান আগবঢ়াইছিল । এই…

চিনাক্ত ৬০ টা প্ৰতিষ্ঠানঃ কেন্দ্ৰীয় ৰাজহুৱা খণ্ডৰ প্ৰতিষ্ঠান ব্যক্তিগতকৰণ নাইবা বন্ধ কৰাৰ তালিকা…

শতাব্দ বিশেষ প্ৰতিনিধি, ১৬ মে' : শীঘ্ৰেই অন্ততঃ ৬০ টা কেন্দ্ৰীয় ৰাজহুৱা খণ্ডৰ প্ৰতিষ্ঠান হয় বন্ধ কৰি দিয়া হ'ব নতুবা ব্যক্তিগতকৰণ কৰাৰ সম্ভাৱনা প্ৰকট হৈ উঠিছে। নিটি আয়োগ, কেন্দ্ৰীয় ৰাজহুৱা প্ৰতিষ্ঠান বিভাগ আৰু অন্যান্য সংশ্লিষ্ট…

নগাঁৱত প্ৰাচীন মুদ্ৰা উদ্ধাৰ

নগাঁও জিলাৰ বটদ্ৰৱাৰ কুজি সত্ৰৰ কুজিবিলৰ পাৰত বনুৱাই কাম কৰি থকা অৱস্থাত মাটিৰ তলত এই প্ৰাচীন মুদ্ৰাসমূহ লাভ কৰে। এটা ধাতুৰ পাত্ৰৰ ভিতৰত ১৫ টা মুদ্ৰা আছিল। প্ৰাচীন মুদ্ৰাসমূহ নৱম শতিকাৰ  বুলি ঠাৱৰ কৰা হৈছে।