কাছাৰত বাগিচাৰ মাটি অধিগ্ৰহণ কৰি বিমান বন্দৰ নিৰ্মাণঃ  তীব্ৰ বিৰোধিতা সদৌ অসম গ্ৰামীণ শ্ৰমিক সন্থাৰ

শতাব্দ প্ৰতিনিধি, তিনিচুকীয়া, ১০ মে’ : ৰাজ্যৰ বিজেপি মিত্ৰজোঁটৰ চৰকাৰে কাছাৰ জিলাৰ ডলু বাগিচাৰ মাটি অধিগ্ৰহণ কৰি গ্ৰীণফিল্ড বিমান বন্দৰ নিৰ্মাণৰ তীব্ৰ বিৰোধিতা কৰিছে সদৌ অসম গ্ৰামীণ শ্ৰমিক সন্থাই । এক বিবৃতিত সংগঠনটোৰ কেন্দ্ৰীয় সভাপতি…

গুৱাহাটীৰ খানাপাৰাত হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ বৰ্ষপূৰ্তি উদযাপন

শতাব্দ প্ৰতিনিধি, গুৱাহাটী,১০ মেঃ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন বিজেপি মিত্রজোঁটৰ চৰকাৰৰ এবছৰীয়া বৰ্ষপূৰ্তি উপলক্ষে আজি গুৱাহাটীৰ খানাপাৰাত বিশাল কাৰ্যসূচীৰ ‍আয়োজন কৰা হয়। বৰ্ষপূৰ্তিৰ এই অনুষ্ঠানত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত…

মূল্যবৃদ্ধিৰ বিৰুদ্ধে তিনিচুকীয়াত টাইপাৰ বিক্ষোভ

শতাব্দ প্ৰতিনিধি, তিনিচুকীয়া, ১০ মেঃ অত্যাৱশ্যকীয় সামগ্ৰীকে ধৰি সকলো সামগ্ৰীৰ অভাৱনীয় মূল্যবৃদ্ধিৰ বিৰুদ্ধে আজি টাই আহোম যুৱ পৰিষদ, অসমৰ (টাইপা) তিনিচুকীয়া জিলা সমিতিয়ে চহৰখনৰ মাজমজিয়াৰ থানা চাৰিআলিত বিক্ষোভ কাৰ্যসূচী ৰূপায়ণ কৰে । উল্লেখ্য…

অসম আৰক্ষীয়ে লাভ কৰা নিচান বঁটাক লৈ বাক্সাত অনুষ্ঠান

শতাব্দ প্ৰতিনিধি, বাক্সা, ১০ মেঃ সমগ্ৰ ৰাজ্যবাসীৰ কাৰণে আজি এক ঐতিহাসিক দিন । অসম আৰক্ষীয়ে অপৰাধী আৰু অপৰাধৰ বিৰুদ্ধে শূন্য সহনশীলতাৰে নিজৰ দায়িত্ব পালন কৰাৰ পৰিপ্ৰেক্ষিতত অসম আৰক্ষীয়ে  লাভ কৰিলে অসামৰিক ৰাষ্ট্ৰপতি সন্মান  নিচান বঁটা । এই…

১৩ বছৰ পিছত জেমছ কেমেৰুণৰ নতুন ‘অৱতাৰ’ আহি আছে ‘অৱতাৰ : দ্য ৱে অব লাইফ’

দাদুল দেৱকৃষ্ণ বৰুৱা ১৩ বছৰীয়া অপেক্ষা, কৌতূহল, আকর্ষণ হ্ৰাস পালে কমকৈ হ'লেও। মুক্তি পাইছে জেমছ কেমেৰুণ পৰিচালিত পৃথিৱী কঁপোৱা কথাছবি অৱতাৰৰ নতুন পর্ব— 'অৱতাৰ : দ্য ৱে অব ৱাটাৰ'ৰ টিজাৰ। প্রথমখন অৱতাৰ (২০০৯) মুক্তিৰ ১৩ বছৰ পিছত পোৱা গ'ল…

আজিৰেপৰা বিদ্যালয়, মহাবিদ্যালয় পৰিচালনা সমিতিৰ প্ৰশিক্ষণ আৰম্ভ

শতাব্দৰ প্ৰতিনিধি, ১০মে: লখিমপুৰ জিলাৰ উচ্চ মাধ্যমিক আৰু উচ্চতৰ মাধ্যমিক বিদ্যালয় আৰু মহাবিদ্যালয়সমূহৰ নৱগঠিত পৰিচালনা সমিতিসমূহৰ প্ৰশিক্ষণ নাৰায়ণপুৰ শিক্ষা খণ্ডত আজিৰে পৰা আৰম্ভ হৈছে।সমগ্ৰ শিক্ষা অসম'ৰ অধীনত আৰম্ভ হোৱা এই প্ৰশিক্ষণ…

‘মাটিৰ মাত’এ জিনিলে ছটাকৈ পুৰস্কাৰ

মুক্তাৰ আলী মাটিৰ মাত' (The Sound of Soil) বিশিষ্ট লেখক দাদুল দেৱকৃষ্ণ বৰুৱাৰ এটি কবিতাৰ আলমত নিৰ্মাণ হোৱা এখন চুটি ছবি। ৰঞ্জন বৰাৰ কাহিনী, চিত্ৰনাট্য আৰু পৰিচালনাত নিৰ্মিত ছবিখনে এইবাৰ কঢ়িয়াই আনিলে ছটাকৈ পুৰস্কাৰ। South Indian Film…

চীনে জীয়াই ৰাখিব বিচাৰিছে সীমান্ত বিবাদ

শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ১০ মে' : লাদাখ সীমান্তত সংঘাত নিৰাময়ত চীনৰ কিমান ইচ্ছা আছে, তাক লৈ প্রশ্ন তুলিলে স্বয়ং দেশৰ সেনা প্রধান জেনেৰেল মনোজ পাণ্ডেই। তেওঁ জনায়, ভাৰতে বিচাৰিছে সীমান্তলৈ ঘূৰি আহক শান্তি আৰু স্বস্তি। তেওঁ কয় যে, এই…

কাৰ্যালয়ত প্রতিদিনে শুবই লাগিব ৩০ মিনিট

শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ১০ মে' : বাংগালুৰুৰ এটা বেচৰকাৰী প্রতিষ্ঠানৰ কর্মীসকলৰ বাবে কাৰ্যালয়ত প্রতিদিনে ৩০ মিনিট শোৱাটো বাধ্যতামূলক কৰিছে। কর্মীসকলৰ শৰীৰ আৰু মন ভালে ৰখাৰ সমান্তৰালভাৱে তেওঁলোকে যাতে ভালদৰে কাম কৰিব পাৰে তাৰ বাবেই এনে…

ডাইমণ্ডছ ষ্টেট পার্কত ২.৩৮ কেৰটৰ বাদামী হীৰা উদ্ধাৰ

শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ১০ মে' : ব্রিটিছ অভিনেতা আৰু পৰিচালক মেকেঞ্জি ক্রুকৰ পৰিচিত টিভি ছিৰিজ ‘ডিটেক্টৰিষ্ট’ৰ গল্প যেন এইবাৰ পর্দা ফালি ওলাই আহিল বাস্তৱৰ মাটিলৈ। আমেৰিকাৰ আৰকানছ প্রদেশৰ পাইক কাউন্টিৰ ক্রেটাৰ অব ডায়মণ্ডছ ষ্টেট…