Browsing Category

শিক্ষা

ডন ব’স্ক’ বিশ্ববিদ্যালয়ত প্ৰাক্তন শিক্ষাৰ্থীৰ বক্তৃতা অনুষ্ঠান সম্পন্ন

গুৱাহাটী, ৭ ফেব্ৰুৱাৰী : অসম ডন ব’স্ক’ বিশ্ববিদ্যালয় স্কুল অৱ টেকন’লজীৰ যান্ত্রিক অভিযান্ত্রিক বিভাগৰ উদ্যোগত ৭ ফেব্ৰুৱাৰী তাৰিখে আজাৰা চৌহদৰ কনফাৰেন্স হলত এখন প্ৰাক্তন শিক্ষাৰ্থীৰ বক্তৃতা অনুষ্ঠান সম্পন্ন হয়। যান্ত্রিক অভিযান্ত্রিক বিভাগৰ…

লক্ষীমপুৰ বাণিজ্য মহাবিদ্যালয়লৈ নাকৰ ‘বি’ গ্ৰেড

উত্তৰ লখিমপুৰ, ৭ ফেব্ৰুৱাৰীঃ ১৮ বছৰৰ দীঘলীয়া ব্যৱধানৰ অন্তত লখিমপুৰ বাণিজ্য মহাবিদ্যালয়ক দ্বিতীয় চক্ৰৰ ‘বি’ গ্ৰেড প্ৰদান কৰিছে ৰাষ্ট্ৰীয় মূল্যায়ন আৰু স্বীকৃতি পৰিষদ (নাক)-বাংগালুৰুৱে। নাকে আজি এই কথা তেওঁলোকৰ পৰিদৰ্শন দলৰ মহাবিদ্যালয়ৰ…

 ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ আন্তঃমহাবিদ্যালয় যুৱ মহোৎসৱত নৰ্থ লখিমপুৰ কলেজৰ বৃহৎ সাফল্য

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, ৬ ফেব্ৰুৱাৰীঃ ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ যুৱ মহোৎসৱ ডিগবৈ মহিলা মহাবিদ্যালয়ত ১ ফেব্ৰুৱাৰীৰ পৰা ৪ ফেব্ৰুৱাৰীলৈকে অনুষ্ঠিত হৈছিল। এই যুৱ মহোৎসৱত ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অধীনৰ ৬৪ খন মহাবিদ্যালয়ে যোগদান কৰিছিল। এই যুৱ…

জি-২০ সন্মিলনৰ লগত সংগতি ৰাখি তিনিচুকীয়াত ম’ক পাৰ্লিয়ামেন্ট

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, তিনিচুকীয়া, ৬ ফেব্ৰুৱাৰী : জি-২০ সন্মিলনৰ লগত সংগতি ৰাখি তিনিচুকীয়াৰ বাণিজ্য মহাবিদ্যালয়ত দেওবাৰে ম'ক পাৰ্লিয়ামেন্ট অনুষ্ঠিত কৰা হয় ৷ এই ম'ক পাৰ্লিয়ামেন্ট কাৰ্য্যসূচীত মুখ্য অতিথি হিচাপে উপস্থিত থাকে তিনিচুকীয়াৰ…

তেজপুৰত “সঁফুৰা বৃত্তি পৰীক্ষা” ত প্ৰায় ৪৭৬ গৰাকী পৰীক্ষাৰ্থী অৱতীৰ্ণ

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ তেজপুৰ , ৫ ফেব্ৰুৱাৰী: শিশু সকলৰ প্ৰতিভা সন্ধানৰ উদ্দেশ্যে শিশু আলোচনী "সঁফুৰা" ৰ উদ্যোগত প্ৰয়াত নমস্য সাহিত্যিক ড° ভৱেন্দ্ৰ নাথ শইকীয়াই আৰম্ভ কৰা "সঁফুৰা বৃত্তি পৰীক্ষা" আজি ৰাজ্যজুৰি অনুষ্ঠিত হয়। তেজপুৰৰ দৰং…

তেজপুৰত “ইতিহাসৰ ছাঁ-পোহৰত ভাৰতবৰ্ষ” শীৰ্ষক মনোজ্ঞ আলোচনাচক্ৰ

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ তেজপুৰ, ৫ ফেব্ৰুৱাৰী : তেজপুৰৰ শতবৰ্ষ গৰকা অসমীয়া ক্লাবৰ উদ্যোগত কালি এখন গুৰুত্বপূৰ্ণ তথা ব্যতিক্ৰমী আলোচনা চক্ৰ বালিৰাম লহকৰ সভাগৃহত অনুষ্ঠিত হৈ যায়। অসমীয়া ক্লাবৰ সভাপতি অৰুণা দেৱীৰ সভাপতিত্বত অনুষ্ঠিত হোৱা উক্ত…

তিনিচুকীয়াৰ গুণোৎসৱত ’টিকনি বৰুৱা’ উপহাৰ স্বৰূপে লাভ কৰিলে মন্ত্ৰী ৰনজিৎ দাসে

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, তিনিচুকীয়া, ২ ফেব্ৰুৱাৰী : গুণোৎসৱ-২০২৩ ৰ দ্বিতীয় পৰ্য্যায়ৰ কাৰ্যসূচীত বৰ্হিমূল্যায়ক হিচাপে আজি তিনিচুকীয়াৰ মাকুমস্থিত গোপালকৃষ্ণ বালিকা বিদ্যালয়ত উপস্থিত হয় গ্ৰামোন্নয়ন আদি একাধিক বিভাগৰ দায়িত্বত থকা তিনিচুকীয়া জিলাৰ…

বধাকৰা মধ্য ইংৰাজী বিদ্যালয়ৰ সোণালী জয়ন্তীৰ শুভাৰম্ভ

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, লখিমপুৰ, ৩০ জানুৱাৰীঃ লখিমপুৰ জিলাৰ ঐতিহ্যমণ্ডিত বধাকৰা মধ্য ইংৰাজী বিদ্যালয়ৰ সোণালী জয়ন্তী বৰ্ষৰ শুভাৰম্ভ অনুষ্ঠানটি আজি অনুষ্ঠিত হয়৷ বৃহত্তৰ বধাকৰা অঞ্চলৰ কেবাশ লোকৰ উপস্থিতিত আজি দিনযোৰা কাৰ্যসূচীৰে বিদ্যালয়…

উত্তৰ-পূৱৰ নেতৃত্বৰে তেজপুৰৰ বৰ্ণালী দেৱীৰ কৃতিত্ব

শতাব্দ, ষ্টাফ ৰিপৰ্টাৰ তেজপুৰ, ২৯ জানুৱাৰীঃ ৰাষ্ট্ৰীয় যুৱ মহোৎসৱত তেজপুৰৰ লোকপ্ৰিয় গোপীনাথ বৰদলৈ কন্যা মহাবিদ্যালয়ৰ বৰ্ণালী দেৱীৰ নেতৃত্বত উত্তৰ-পূৱৰ সাতখন ৰাজ্যৰ যোগদানৰ এক আশাব্যঞ্জক খবৰে তেজপুৰবাসীক আহ্লাদিত কৰি তুলিছে। উল্লেখ্য যে,…

বগীনদীত আৰ্যভট্ট বিজ্ঞান কেন্দ্ৰৰ বিজ্ঞানভিত্তিক বিভিন্ন প্ৰতিযোগিতা অনুষ্ঠিত

উত্তৰ লক্ষীমপুৰ, ২৮ জানুৱাৰীঃ আৰ্যভট্ট বিজ্ঞান কেন্দ্ৰ বগীনদী খণ্ডৰ উদ্যোগত আজি বগীনদী উচ্চ মাধ্যমিক বিদ্যালয়ত বিজ্ঞান ভিত্তিক বিভিন্ন প্ৰতিযোগিতা অনুষ্ঠিত কৰা হয়। বিজ্ঞান ভিত্তিক আৰ্হি প্ৰস্তুতকৰণ প্ৰতিযোগিতা, আকস্মিক বক্তৃতা , ধাৰণা ,…