Browsing Category

লিড

ঐতিহাসিক ফাটবিহু আৰম্ভ

শতাব্দ ঢকুৱাখনাৰ প্ৰতিবেদক,১২ মে': পৰম্পৰাগত উৎসাহ-উদ্দীপনাৰে আজিৰে পৰা ঢকুৱাখনাৰ ঐতিহ‍্যমণ্ডিত ফাটবিহু আৰম্ভ হৈছে। চাৰিকড়ীয়া নৈ বিধৌত উত্তৰ পাৰৰ ম'হঘুলি চাপৰিৰ সেউজ বাকৰিত ফাটবিহু আৰম্ভ হৈছে। ম'হঘুলি চাপৰিৰ প্ৰায় ৪০ বিঘা মাটিৰ সেউজ…

সাজু হৈ উঠিছে ঢকুৱাখনাৰ ঐতিহ্যমণ্ডিত ফাটবিহুতলী

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ ১১মে' : ঐতিহ্যৰে সমৃদ্ধ ঢকুৱাখনাৰ ফাটবিহু। চাৰিকড়ীয়া নৈৰ পাৰতে ম’হঘুলি চাপৰিত আহোম ৰাজত্ব কালৰে পৰা পালন কৰি অহা হৈছে ফাটবিহু। এইবাৰো ঐতিহ্যৰ ভেটি চিকুণাই-অতাই সাজু হৈ উঠিছে চাৰিকড়ীয়াৰ পাৰ। ঐতিহ্য আৰু পৰম্পৰাৰ…

নাৰায়ণপুৰত শ্ৰীশ্ৰী মাধৱদেৱ কলাক্ষেত্ৰ উদ্বোধন মুখ্যমন্ত্ৰীৰ

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, লখিমপুৰ ১০ মে’ ঃনাৰায়ণপুৰ অসমৰ ভিতৰতে এখন পৱিত্ৰ স্থান৷ আজি এই পৱিত্ৰ স্থানত মই উপস্থিত হৈ সঁচাকৈ গৌৰৱ অনুভৱ কৰাৰ লগতে নিজকে পৱিত্ৰ অনুভৱ কৰিছোঁ৷ আধ্যাত্মিক তথা সাংস্কৃতিক ভাৱে সমৃদ্ধ স্থান বুলি কলে যি সমূহ ঠাইৰ নাম…

বিহপুৰীয়া মহাবিদ্যালয়ৰ অধ্যক্ষৰ বিৰুদ্ধে শিক্ষক গোট সৰব 

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, ১০ মেঃ লখিমপুৰ জিলাৰ অগ্ৰণী শিক্ষানুষ্ঠান বিহপুৰীয়া মহাবিদ্যালয়ৰ কেতবোৰ আভ্যন্তৰীণ ঘটনাক লৈ অধ্যক্ষৰ বিৰুদ্ধে মহাবিদ্যালয়খনৰ শিক্ষক গোট সৰৱ হৈ উঠিছে। উল্লেখ্য যে মহাবিদ্যালয়খনত পূৰ্বেও বিত্তীয় অনিয়ম হোৱা বুলি…

মাধৱদেৱ কলাক্ষেত্ৰ উদ্বোধনৰ প্ৰাকমুহূৰ্তত ভিতৰচ’ৰা

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, লখিমপুৰ, ৯ মে ঃ ২০০৮ চনতে কংগ্ৰেছ চৰকাৰৰ আমোলত প্ৰয়াত মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে আধাৰশিলা স্থাপন কৰা মাধৱদেৱ কলাক্ষেত্ৰখন কাইলৈ বুধবাৰে ৰাইজলৈ আনুষ্ঠানিক ভাৱে উৎসৰ্গা কৰিব মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই৷ বাৰ বৈষ্ণৱৰ…

অসম চৰকাৰৰ ‘মিছন ভূমিপুত্ৰ’ৰ জৰিয়তে লক্ষাধিক ভুৱা জাতিগত প্ৰমাণ পত্ৰ প্ৰদানৰ গুৰুতৰ…

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, লখিমপুৰ ৮ মেঃ অসম চৰকাৰে 'মিছন ভূমিপুত্ৰ' নামৰ কোটি কোটি টকা ব্যয় সাপেক্ষ আঁচনিখনৰ জৰিয়তে জাতিগত প্ৰমাণ পত্ৰৰ ব্যৱস্থা কৰি অনুসূচীত জাতিৰ লোক সকলৰ বাবে এক অভিশাপ কঢ়িয়াই আনিলে। মিছন ভূমিপুত্ৰই ভুৱা জাতিগত প্ৰমাণ পত্ৰক…

শাৰীৰিক প্ৰতিবন্ধকতা-শোচনীয় আৰ্থিক অৱস্থাক নেওচি তেজপুৰৰ যুৱতীৰ দৃষ্টান্তমূলক পদক্ষেপ

শতাব্দ ষ্টাফ ৰিপটাৰ তেজপুৰ , ৮ মে' শাৰীৰিক প্ৰতিবন্ধকতা আৰু আৰ্থিক দীনতা যে কেতিয়াও কোনো কাৰণতে উন্নতি বা সৃষ্টিশীলতাৰ হেঙাৰ হ'ব নোৱাৰে সেই কথা আজি পুনৰ প্ৰতিপন্ন কৰিলে তেজপুৰৰ এখন বিদ্যালয়ৰ এগৰাকী সদ্য প্ৰাক্তন দিব্যাংগ তথা আৰ্থিক ভাৱে…

তেজপুৰত হাঁহিৰে আকাশ কঁপাই বিশ্ব হাস্য দিৱস উদযাপন

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, তেজপুৰ,৭মে’ আজি সমগ্ৰ বিশ্বতে উদযাপিত হোৱা ২৩ সংখ্যক বিশ্ব হাস্য দিৱসৰে সংগতি ৰাখি ২০০৯ চনত গঠিত হোৱা তেজপুৰ হাস্য সংঘৰ সদস্য সকলেও দিনযোৰা কাৰ্য্যসূচীৰে মাজগাওঁ জাতীয় ছহিদ বাকৰিত পুৱাৰ পৰাই বিভিন্ন কাৰ্য্যসূচীৰে…

হাতত কাঁহী-বাতি লৈ লখিমপুৰত মধ্যাহ্ন ভোজনৰ ৰান্ধনী সন্থাৰ উত্তাল প্ৰতিবাদ

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, লখিমপুৰ, ৪ মে’ ঃ হাতত কাঁহী বাতি লৈ আজি লখিমপুৰত মধ্যাহ্ন ভোজনৰ ৰান্ধনী সন্থাই উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে৷ সমস্ত বকেয়া ধন আদায় দিয়া, প্ৰতিমাহে প্ৰথম সপ্তাহৰ ভিতৰত মাহৰ মাননি নিয়মীয়া কৰা, বছৰটোৰ প্ৰতিমাহে মাননি…

দেশৰ ভিতৰতে ডিজিটেল বিত্তীয় লেনদেনৰ শীৰ্ষত অসমৰ তিনি মহিলা

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ,তেজপুৰ, ৩ মে' : দেশৰ গ্ৰামাঞ্চলত ঘৰে ঘৰে ডিজিটেল বিত্তীয় তথা বেংকিং সেৱাসমূহ প্ৰদান কৰি দেশৰ ভিতৰতে শীৰ্ষৰ দ্বিতীয় স্থান দখল কৰিবলৈ সক্ষম হৈছে শোণিতপুৰৰ বিহগুৰি উন্নয়ন খণ্ডৰ অধীনত বৰগাঁৱৰ ধনেশ্বৰী বড়ো৷ ৰাজ্যখনৰ আন…