Browsing Category

প্ৰকৃতি

লখিমপুৰ নগৰৰ পথৰ কাষত থকা বিপজ্জনক গছ কাটিবলৈ বাধ্য হ’ল প্ৰশাসন

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, লখিমপুৰ, ১৩ জুলাই ঃ অৱশেষত লখিমপুৰ নগৰৰ পথৰ দাঁতিত থকা একাংশ গছ কটা কাৰ্য আৰম্ভ কৰিবলৈ বাধ্য হ’ল লখিমপুৰ জিলা প্ৰশাসন৷ বুধবাৰে নগৰখনৰ খেলমাটিত পথৰ দাঁতিত থকা এজোপা প্ৰকাণ্ড শিমলু গছ বাগৰি এজন লোকৰ মৃত্যু হোৱাৰ পাছত…

এফালে বন ধ্বংসযজ্ঞ আনফালে চলিছে ১ কোটি গছপুলি ৰোপনৰ মহা আয়োজন

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, তিনিচুকীয়া, ১২ জুলাই : চৰকাৰী, বেচৰকাৰী পৃষ্ঠপোষকতাত বনাঞ্চল ধ্বংসযজ্ঞ আৰু বনজ সম্পদৰ লুণ্ঠনৰ বাতৰিয়ে সময়ে সময়ে সংবাদ মাধ্যমৰ শিৰোনাম দখল কৰি অহাৰ মাজতে এইবাৰ অসম চৰকাৰে একেদিনাই ১ কোটি মূল্যবান গছপুলি ৰোপনৰ বাবে কৰা…

নামেৰী ৰাষ্ট্ৰীয় উদ্যানত ঢেকীয়াপতীয়া বাঘ হত্যা কৰিলে চোৰাংচিকাৰীয়েঃ গ্ৰেপ্তাৰ তিনি

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ,তেজপুৰ,১২জুলাইঃ অসম-অৰুণাচল সীমান্তৰ তথা শোণিতপুৰৰ নামেৰী ৰাষ্ট্ৰীয় উদ্যানত চোৰাংচিকাৰীয়ে ঢেকীয়াপতীয়া বাঘ এটা নিধন কৰা ঘটনাই প্ৰকৃতি প্ৰেমী সংগঠনৰ মাজত ব্যাপক চাঞ্চল্যৰ সৃষ্টি হৈছে।এই সন্দৰ্ভত সম্প্ৰতি মুখ খুলিছে…

আমাক ৰিলিফ নালাগে, লাগে বান সমস্যাৰ স্থায়ী সমাধান- বন্যাৰ্ত

স্বাধীনতাৰ ৭৫ বছৰেও বান সমস্যাৰ পৰা মুক্ত নহ’ল লখিমপুৰৰ কুৰিখন গাঁওঃ প্ৰতি বাৰিষাতে জীৱন বিপদাপন্ন কৰি তোলে শিঙৰাৰ ওভটনি পানীয়েশতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, লখিমপুৰ, ১১ জুলাইঃ লখিমপুৰ জিলাৰ এটা দুৰ্গম অঞ্চল হৈছে নাওবৈচাৰ গেলাহাটী অঞ্চলটো৷…

গাভৰু-শিঙৰাৰ বানত নিমিষতে উটি গ’ল বহু ঘৰ-দুৱাৰ, পশু-পক্ষী

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, লখিমপুৰ, ১০ জুলাই ঃ লখিমপুৰ জিলাৰ নাওবৈচাৰ লগতে বিহপুৰীয়াত এতিয়া বানে সংহাৰী ৰূপ ধাৰণ কৰিছে৷ কেইদিনমানৰ পূৰ্বে শিঙৰা নদীয়ে মথাউৰি ছিঙি নাওবৈচা অঞ্চলত মহা প্ৰলয়ৰ সূচনা কৰাৰ পিছত কালিৰে পৰা গাভৰু আৰু শিঙৰা নদীয়ে লালুক,…

ভোজমাৰী চাপৰিত বাঘিনীৰ মৃতদেহ উদ্ধাৰ

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, তেজপুৰ, ৯জুলাইঃ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ ষষ্ঠ সংযোজন তথা চতিয়াৰ গমিৰিপালৰ সমীপৱৰ্তী ব্ৰহ্মপুত্ৰৰ ভোজমাৰী টাপুত এক ঢেকীয়াপতীয়া বাঘৰ মৃতদেহ উদ্ধাৰ হয়।এয়া এজনী বাঘিনীৰ মৃতদেহ বুলি নিশ্চিত কৰা হৈছে৷ এসপ্তাহ পূৰ্বে…

লখিমপুৰ নগৰৰ মাজ মজিয়াত বৃহৎ বৃহৎ গছে নমাই আনিছে ভয়ংকৰ দুৰ্ঘটনাৰ আশংকা

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ. লখিমপুৰ, ৬ জুলাইঃ ৰাজ্যখনৰ বিভিন্ন প্ৰান্তত বিশেষকৈ বাৰিষাৰ সময়ত সঘনাই পথ দুৰ্ঘটনা সংঘটিত হৈ বহু লোকৰ অকালতে মৃত্যু হোৱা ঘটনাৰ সময়তে লখিমপুৰ নগৰৰ মাজমজিয়াত থকা কেবাজোপা বৃহৎ বৃহৎ গছে ভয়ংকৰ দুৰ্ঘটনাৰ আশংকা কঢ়িয়াই…

কাকৈ নদীত কেবা লাখ টকাৰ বান খহনীয়া প্ৰতিৰোধ আঁচনিত ব্যাপক অনিয়ম

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, লখিমপুৰ, ৫ জুলাইঃ লখিমপুৰ জলসম্পদ সংমণ্ডল বিভাগত এতিয়া বান খহনীয়া প্ৰতিৰোধ আঁচনিৰ নামত ব্যাপক অনিয়ম সংঘটিত হৈছে৷ লখিমপুৰ জলসম্পদ বিভাগৰ অন্তৰ্গত কাকৈ নদীৰ খহনীয়া প্ৰতিৰোধৰ নামত এতিয়া এনে অনিয়ম সংঘটিত হৈছে৷ চলিত…

নৈসৰ্গিক আৱাসিক প্ৰকৃতি শিবিৰৰ প্ৰস্তুতি

প্ৰকৃতিৰ নৈসৰ্গিকতাৰ মাজত অতিবাহিত কৰি, শৈক্ষিক জীৱনৰ অন্য এক অবিস্মৰণীয় অভিজ্ঞতাৰ মাজেৰে, প্ৰকৃতি, পৰিৱেশ আৰু জৈৱবৈচিত্ৰ্যৰ পাৰদৰ্শিতাৰ হকে, নৱম শ্ৰেণীৰ উৰ্দ্ধৰ শিক্ষাৰ্থীৰ বাবে আয়োজন কৰা হৈছে তিনিটা দিনৰ আৱাসিক প্ৰকৃতি শিবিৰ ।…

অৰুণাচলীয়ে গছকাটি তহিলং কৰা লখিমপুৰৰ কাকৈ বনাঞ্চলত বন বিভাগ- দল সংগঠনৰ বৃক্ষৰোপন

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ লখিমপুৰ, ১ জুলাইঃ ৭৪ সংখ্যক বন মহোৎসৱ উপলক্ষে অৰুণাচলীয়ে গছ কাটি বিধ্বস্ত কৰা লখিমপুৰৰ কাকৈ বনাঞ্চলত গছ পুলি ৰোপণ কৰে বন বিভাগে৷ লখিমপুৰ জিলাৰ অৰুণাচল সীমান্তত লাগি থকা পাঁচখন বনাঞ্চলত দীৰ্ঘদিন ধৰি অৰুণাচলীয়ে গছ বন…