Browsing Category
ট্ৰেণ্ডিং
অসমলৈ কেন্দ্ৰীয় চৰকাৰৰ ৩২৪.৪০ কোটি টকা
শতাব্দ প্ৰতিনিধি, গুৱাহাটী,৭ জুলাইঃ ভয়াৱহ বানৰ কবলত পৰা অসমক অৱশেষত কেন্দ্ৰীয় চৰকাৰে আগবঢ়ালে আৰ্থিক সাহায্য। ৰাজ্যৰ বান পৰিস্থিতি মোকাবিলা কৰিবলৈ তথা বানাক্ৰান্তক সহায় আগবঢ়াবলৈ কেন্দ্ৰীয় চৰকাৰে ৩২৪.৪০ কোটি টকা মোকলাই দিছে। কেন্দ্ৰীয়…
লখিমপুৰৰ ভূমিত অৰুণাচলীয়ে খান্দিছে বৃহৎ পুখুৰী, হাল বাই বেদখল কৰিছে কৃষি পথাৰ
শতাব্দ প্ৰতিনিধি, লখিমপুৰ, ৭ জুলাইঃ লখিমপুৰ জিলাত অৰুণাচলীৰ আগ্ৰাসন দিনক দিনে বৃদ্ধি পোৱাৰ লগতে এতিয়া অৰুণাচলীয়ে অসমৰ ৰাজহ ভূমিত কৃষি পথাৰ মুকলি কৰাৰ লগতে বৃহৎ বৃহৎ পুখুৰী খন্দি বেদখল আৰম্ভ কৰিছে। বিশেষকৈ সীমান্তৱৰ্তী তথা নাৰায়ণপুৰ ৰাজহ…
চালকক ঠগি তেজপুৰৰ পৰা গাড়ী লৈ উধাও হোৱা আশীষক কৰায়ত্ত বিশ্বনাথত
শতাব্দ প্ৰতিনিধি তেজপুৰ,৭জুলাই: মেঘালয়ৰ পৰা আহি পাঁচ জুলাইত গুৱাহাটীত এএছ০১জিচি০৩৭৭নম্বৰৰ চুইফট ডিজায়াৰ ভাড়াত লৈ নিশা তেজপুৰত উপস্থিত হোৱা মেঘালয়ৰ আশীষ বৰা লিংড’(৩৬)নামৰ এক গাড়ীচোৰক অৱশেষত কালি সন্ধিয়া প্ৰায় ছয় বজাত বিশ্বনাথ আৰু চতিয়া…
চীনত পুনৰ লকডাউন আৰম্ভ
শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ৭ জুলাই : যেন বাৰ্ষিক উৎসৱতহে পৰিণত হৈছে ক'ৰনা মহামাৰীৰ সংক্ৰমণ। এইবিধ ভাইৰাছৰ সংক্ৰমণৰ উৰ্ধমুখী ধাৰাৰ বাবে চীনৰ কেইবাখনো চহৰত ৬ জুলাইৰ পৰা পুনৰ আৰম্ভ হৈছে লকডাউন। স্বাস্থ্য বিভাগৰ সূত্ৰৰ পৰা জানিব পৰা মতে, ৬ জুলাই…
নগাঁও আৰু কাছাৰ কাগজ কলৰ ২৭৫১গৰাকী কৰ্মচাৰীৰ বাবে ৮১০ কোটি টকাৰ আৰ্থিক সাহায্য প্ৰদান চৰকাৰৰ
শতাব্দ প্ৰতিনিধি, গুৱাহাটী,৭ জুলাইঃ সুদীৰ্ঘ পাঁচ বছৰ পাছত হিন্দুস্তান পেপাৰ কৰ্প'ৰেচন লিমিটেডৰ কাগজ কল দুটাৰ কৰ্মচাৰীয়ে লাভ কৰিলে আৰ্থিক সাহায্য। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা নেতৃত্বধীন চৰকাৰে অৱশেষত আজি নগাঁও আৰু কাছাৰ কাগজ কলৰ…
ভাৰতীয় মূলৰ ঋষি সুনক বৃটেইনৰ প্ৰধানমন্ত্ৰী !
শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, ৭ জুলাই: বৃটেইনৰ প্ৰধানমন্ত্ৰী বৰিচ জনচনে পদত্যাগ কৰাৰ কথা ঘোষণা কৰিছে । কভিড লকডাউনৰ সময়ত বাৰ্থডে পাৰ্টি কৰা, যৌন কেলেংকাৰি আদি কেইবাটাও অভিযোগৰ বাবে জনচনৰ জনপ্ৰিয়তা হ্ৰাস পাইছিল আৰু তেওঁ নেতৃত্বৰ প্ৰতি চাপ সৃষ্টি…
ডিজনীয়ে হেৰুৱাব মিকি মাউছৰ মালিকীস্বত্ব!
শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ৭ জুলাই : ল'ৰাৰ পৰা বুঢ়ালৈকে মিকি মাউচক চিনি নোপোৱা হয়তো খুব কমেই ওলাব। সকলো বয়সৰ লোককে আমোদ দিব পৰাকৈ সক্ষম মিকি মাউচ। পিছে এইবাৰ ডিজনীয়ে নিজৰ কিছুমান প্ৰিয় কাৰ্টুন চৰিত্ৰৰ একচেটিয়া অধিকাৰ হেৰুৱাবলগীয়া হৈছে।…
পতানৰ পৰা তৈয়াৰ ৱাটাৰপ্ৰুফ ‘কাঠ’
শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ৭ জুলাই : চেন্নাইৰ বাসিন্দা উদ্যোগী বি এল বেংগানীয়ে জলবায়ু পৰিৱৰ্তনক লৈ ইমানেই উদ্বিগ্ন হৈ পৰিছিল যে, গছ কটাৰ সমস্যাৰ বিৰুদ্ধে যুঁজিবলৈ তেওঁ নতুন সামগ্ৰী নিৰ্মাণৰ সিদ্ধান্ত লৈছিল। তেওঁ দুবছৰ আৰু কেইবা লাখ টকা খৰচ…
৩৩ মাহ পঢ়াব নোৱাৰি বিবেক দংশনঃ অধ্যাপকে ঘূৰাই দিলে ২৪ লাখ টকাৰ দৰমহা
শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ৭ জুলাই : কৰ’নাৰ বাবে দীৰ্ঘদিন ধৰি বন্ধ আছিল বিদ্যালয়, মহাবিদ্যালয়, শিক্ষানুষ্ঠান। প্ৰায় তিনি বছৰ ধৰি ছাত্ৰ-ছাত্ৰীক পাঠদান নকৰাকৈয়ে মাহৰ পিছত মাহ ধৰি দৰমহা লাভ কৰি আহিছে শিক্ষক-শিক্ষয়িত্ৰীসকলে। বিহাৰৰ মুজাফৰপুৰৰ…
৯ মাহ নহয়, ৬ মাহতে পাব বুষ্টাৰ ড’জ
শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ৭ জুলাই : বুষ্টাৰ ড’জৰ ওপৰত কেন্দ্ৰ চৰকাৰৰ নতুন নিৰ্দেশনা। স্বাস্থ্য মন্ত্ৰালয়ে ক’ৰনা ভেকচিনৰ দ্বিতীয় ড’জ আৰু বুষ্টাৰ ড’জৰ মাজৰ ব্যৱধান হ্ৰাস কৰিছে। বুষ্টাৰ ড’জৰ ব্যৱধান ৯ মাহৰ পৰা ছমাহলৈ হ্ৰাস কৰা হৈছে। জানিব পৰা…
