Browsing Category
ট্ৰেণ্ডিং
লখিমপুৰ চিকিৎসা মহাবিদ্যালয়ত অস্ত্ৰোপচাৰ কক্ষতে গৰ্ভাৱতী মহিলাৰ মৃত্যু
শতাব্দ প্ৰতিনিধি, লখিমপুৰ, ২ জুনঃ লখিমপুৰ মেডিকেল কলেজ আৰু হাস্পতালত আজি এগৰাকী গৰ্ভৱতী মহিলাৰ মৃত্যুক কেন্দ্ৰ কৰি চিকিৎসালয়খনত চেপা উত্তেজনাৰ সৃষ্টি হয়। হাস্পতাল কর্তৃপক্ষৰ হেমাহীৰ বাবেই এগৰাকী প্রসূতি মহিলাৰ মৃত্যু হোৱা বুলি ইতিমধ্যে…
এ পি এছ চি কেলেংকাৰি অধিবক্তা পল্লৱ কটকীক বিশেষ ৰাজহুৱা অধিবক্তা হিচাপে নিযুক্তি
শতাব্দ প্ৰতিনিধি, গুৱাহাটী,২ জুনঃ অসম লোকসেৱা আয়োগৰ নিযুক্তি কেলেংকাৰি গোচৰৰ বিচাৰ প্ৰক্ৰিয়াৰ বাবে অসম চৰকাৰে অধিবক্তা পল্লৱ কটকীক বিশেষ ৰাজহুৱা অধিবক্তা হিচাপে নিয়োগ কৰিছে। আনহাতে ৰাজ্যপালে পৰীক্ষাত হোৱা কেলেংকাৰি সন্দৰ্ভত বিচাৰৰ…
শোণিতপুৰৰ ১১৬৮খন বিদ্যালয়ৰ গুণোৎসৱত ১,৪৩,১০৮ গৰাকী অৱতীৰ্ণ
শতাব্দ প্ৰতিনিধি, তেজপুৰ, ২জুন : ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ তৃতীয় পৰ্যায়ৰ গুণোৎসৱৰ অংশ হিচাপে কালিৰে পৰা শোণিতপুৰ জিলাতো ১১৬৮খন বিদ্যালয়ৰ ১,৪৩,১০৮গৰাকী শিক্ষাৰ্থীয়ে বাহ্যিক মূল্যায়নেৰে অৱতীৰ্ণ হৈছে । জিলাখনত ৪ জুনলৈকে আয়োজিত এই গুণোৎসৱৰ…
কোন দিশে আফগানিস্তানৰ নাৰী সমাজ ?
ৰুণজুন শইকীয়া
যিসময়ত বিশ্বৰ নাৰী সমাজ শিক্ষা-দীক্ষাকে ধৰি বিভিন্ন ক্ষেত্ৰত পুৰুষৰ সমানে আগবাঢ়ি গৈছে সেই সময়ত আফগানিস্থানৰ নাৰী সমাজে সততে বাতৰিৰ শিৰোনাম দখল কৰিছে বিভিন্ন কাৰণত । আশীৰ দশকলৈকে শিক্ষা-দীক্ষাৰ ক্ষেত্ৰত আগবাঢ়ি থকা আফগান নাৰী…
অসমৰ ওচৰ চাপিল ঢাকা
শতাব্দ বিশেষ প্ৰতিনিধি, ২ জুন : আমাৰ নিচেই কাষতে থকা 'বিদেশ' বাংলাদেশলৈ ভ্ৰমণৰ বাবে যোৱাৰ ইচ্ছা আপোনাৰ আছে নেকি ? অসমৰ লোকসকলৰ বাবেও সুখবৰ যে, কালিৰে পৰা নিউ জলপাইগুৰি আৰু বাংলাদেশৰ ৰাজধানী ঢাকাৰ মাজত এখন নিয়মীয়া ৰে'লগাড়ীৰ চলাচল আৰম্ভ…
তেজপুৰৰ এখন বাঁহনি, এজাক বগলী আৰু এজন যুৱক…
শতাব্দ জিলা প্ৰতিনিধি তেজপুৰ,২জুন: তেজপুৰৰ বিভিন্ন অঞ্চলত পূৰ্বে এই সময়ত দেখা পোৱা গৈছিল জাক জাক বগলী। বিভিন্ন অঞ্চলৰ বাঁহনিত জাকে জাকে বগলীয়ে আশ্ৰয় লৈ এই সময়চোৱাতে পোৱালী জগাই ডাঙৰ কৰাটো এক সহজলভ্য দৃশ্য আছিল। কিন্তু এতিয়া তেজপুৰৰ…
দেশৰ সুৰক্ষা বাহিনীৰ শীৰ্ষস্থানত আন এগৰাকী অসম সন্তান
কৰিমগঞ্জৰ পৰা ছৈয়দ মুজিব আহমেদ ,১ জুন:কেন্দ্রীয় চৰকাৰে দেশৰ সুৰক্ষা বাহিনীৰ শীৰ্ষ স্থানত আন এগৰাকী অসমীয়া সন্তানক নিয়োজিত কৰিছে। ভাৰতীয় প্ৰশাসনিক সেৱাৰ এই গৰাকী আই পি এছ বিষয়া হল এছ,এল,থাউছেন। তাহানিৰ উত্তৰ কাছাৰ পাৰ্বত্য জিলা বৰ্তমানৰ…
চীন, আৰ্জেন্টিনা, অষ্ট্ৰেলিয়াক চেৰ পেলাই মেঘালয়ে উজলালে ডিজিটেল মাধ্যমৰ সদ্ব্যৱহাৰ
শতাব্দ বিশেষ প্ৰতিনিধি, ১ জুন : উত্তৰ পূবৰ এখন ৰাজ্য মেঘালয়ে ডিজিটেল মাধ্যমৰ সদ্ব্যৱহাৰ কৰি চৰকাৰী কামকাজ সমূহত অনা বৈপ্লৱিক পৰিৱৰ্তনে বিশ্বজোৰা স্বীকৃতি লাভ কৰিছে। ৰাষ্ট্ৰসংঘৰ World Summit on the Information Society Forum, 2022 এ বিশ্বৰ…
ৰে’লযাত্ৰী দুই মহিলাৰ জিম্মাত ৩.৫০ কোটিৰ ব্ৰাউন চুগাৰ
শতাব্দ প্ৰতিনিধি, তিনিচুকীয়া, ১ জুন : গুৱাহাটীৰ কামাখ্যা পৰা তিনিচুকীয়াৰ লিডু অভিমুখে অহা ১৫৬০৩ নম্বৰৰ কামাখ্যা-লিডু এক্সপ্ৰেছত অভিযান চলাই আজি ৰে’ল আৰক্ষীৰ বিশেষ বাহিনীয়ে দুগৰাকী মহিলাৰ জিম্মাৰ পৰা বৃহৎ পৰিমাণৰ সন্দেহজনক ব্ৰাউন চুগাৰ জব্দ…
ভাৰতত গাড়ীৰ নতুন নম্বৰ প্লেটৰ ব্যৱস্থা
শতাব্দ বিশেষ প্ৰতিনিধি, ১ জুন ; কেন্দ্ৰীয় চৰকাৰৰ পথ পৰিৱহণ মন্ত্ৰালয়ে সমগ্ৰ দেশতে প্ৰযোজ্য হোৱাকৈ ব্যক্তিগত যান-বাহনৰ পঞ্জীয়নৰ নতুন নিয়ম প্ৰৱৰ্তন কৰিছে। এই নতুন নিয়ম অনুসৰি গাড়ীখনৰ নম্বৰ প্লেটত প্ৰথমে চমুকৈ থাকিব পঞ্জীয়নৰ বছৰ( ফটোত…
