Browsing Category
ট্ৰেণ্ডিং
তেজপুৰত দেহদান কৰি নৈষ্ঠিক ব্ৰাহ্মণ পৰিয়ালে দেখুৱালে আদৰ্শ
শতাব্দ প্ৰতিনিধি তেজপুৰ, ৩ মে': "মৃত্যুটো এক শিল্প জীৱনৰ কঠিন শিলত কটা নিৰ্লোভ ভাস্কৰ্য" - হীৰুদাৰ এই কবিতা পংক্তিৰ সাৰ্থকতা প্ৰতিপন্ন কৰি আজি পুৱা শেষ নিশ্বাস ত্যাগ কৰা তেজপুৰৰ সৰবৰহী, অতি সৎ আৰু নিকা ভাৱমূৰ্তিৰ বাণীকান্ত শৰ্মাৰ…
বড়ো সাহিত্য সভাৰ অধিৱেশনৰ দ্বিতীয় দিনা লোকাৰণ্য গৌজন ফৌথাৰ
শতাব্দ প্ৰতিনিধি, তামুলপুৰ , ৩ মে : বড়ো সাহিত্য সভাৰ ৬১ সংখ্যক তামুলপুৰ অধিবেশনৰ আজি দ্বিতীয় দিনা লোকাৰণ্য হৈ পৰে তামুলপুৰ কচুবাৰী গৌজন ফৌথাৰ । খাম, চিফুং, বাঁহীৰ শব্দই মুখৰিত কৰি তোলে তামুলপুৰৰ কচুবাৰীৰ আকাশ বতাহ । বড়ো সাহিত্য সভাৰ ৬১…
ধুমুহা-বতাহ নহাকৈয়ে আচম্বিতে যোৰহাটত গছ বাগৰি এগৰাকী মহিলাৰ মৃত্যু
শতাব্দ প্ৰতিনিধি, যোৰহাট, ৩ মে : যোৰহাটৰ বৰুৱা চাৰিআলিত আজি দুপৰীয়া এক শোকাৱহ ঘটনা সংঘটিত হয়। কোনো ধৰণৰ ধুমুহা বতাহ নহাকৈয়ে যোৰহাটৰ উপযুক্ত কাৰ্যালয় চৌহদৰ এজোপা গছ বাগৰি এগৰাকী মহিলাৰ মৃত্যু হয়। বৰুৱা চাৰিআলি পাৰ হব খোজোতেই হঠাৎ বৃহৎ…
তেজপুৰত ঈদৰ সমূহীয়া নামাজ
তেজপুৰৰ বিভিন্ন স্থানত আজি ঈদৰ সমুহীয়া নামাজ সম্পন্ন হয় । চহৰখনৰ ঈদগাহ ময়দানত আজি পুৱা বৃহত্তৰ তেজপুৰৰ লগতে দাঁতিকাষৰীয়া আৰু কৰ্মসূত্ৰে তেজপুৰলৈ অহা ইছলাম ধৰ্মাৱলম্বী লোকে এই নামাজত অংশ গ্ৰহণ কৰে।
অসম আৰক্ষীৰ ‘ৰাইড অব প্ৰাইড মটৰ চাইকেল’ ৰেলী উপস্থিত হ’ল তেজপুৰত
শতাব্দ প্ৰতিনিধি তেজপুৰ, ৩ মে: প্ৰতিকূল বতৰৰ মাজতে আজি বিয়লি প্ৰায় ৫-৩০বজাত আৰক্ষী বিষয়া আনন্দ মিশ্ৰৰ নেতৃত্বত অসম আৰক্ষীৰ ৰাইড অব প্ৰাইড মটৰ চাইকেল দলে শোণিতপুৰত প্ৰবেশ কৰে । উল্লেখ্য যে, অসম আৰক্ষীয়ে ৰাষ্ট্ৰপতিৰ পৰা প্ৰেচিডেণ্টচ কালাৰ্চ…
দৰং আকাংক্ষিত জিলা প্ৰকল্পৰ পৰ্যালোচনা কেন্দ্ৰীয় মন্ত্ৰী বি এল বাৰ্মাৰ
শতাব্দ প্ৰতিনিধি মঙ্গলদৈ ৩ মে’: দৰং জিলাৰ উপায়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত আজি অনুষ্ঠিত এক সভাত ড’নাৰ আৰু সমবায় বিভাগৰ কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী বি এল বাৰ্মাই দৰং আকাংক্ষিত জিলা প্ৰকল্পৰ পৰ্যালোচনা কৰে | আকাংক্ষিত জিলা প্ৰকল্পৰ অধীনত চলি থকা…
অসম আৰক্ষীৰ ‘ৰাইড অৱ প্ৰাইড’ শীৰ্ষক বাইক ৰেলী বাক্সাত উপস্থিত
শতাব্দ প্ৰতিনিধি, বাক্সা ,৩ মেঃ যুদ্ধ আৰু শান্তিৰ সময়ত ৰাষ্ট্ৰৰ প্ৰতি সমৰ্পিত ব্যতিক্ৰমী আৰু অসাধাৰণ সেৱাৰ বাবে অসম আৰক্ষীলৈ আগবঢ়োৱা হৈছে ৰাষ্ট্ৰপতিৰ সৰ্বোচ্চ অসামৰিক সন্মান ‘নিচান বঁটা ।' এক যুগান্তকাৰী সৃষ্টিৰে এই সন্মান লাভ কৰিবলৈ সক্ষম…
তেজপুৰত ভূমি কেলেংকাৰিঃ মৰাভৰলীৰ বুকুৰ ভূমি ম্যাদী হল কেনেকৈ
শতাব্দ প্ৰতিনিধি তেজপুৰ,৩মে’: এসময়ত গোঁসাই ঘাট, গোধৰা ঘাটকে ধৰি বহুকেটা ঘাটৰে জলপৰিবহণ ব্যৱস্থাৰে সমৃদ্ধ জীয়াভৰলী নৈৰ সুঁতিটো মৰাভৰলীলৈ ৰূপান্তৰিত হোৱাৰ পাছতে এই নৈখনৰ বুকুৰ ভূমিৰ ক্ষেত্ৰত যে কিমান গৰাকী ওলাল তাৰ কোনো হিচাপ নাই । বিগত…
‘ডেলিভাৰি বয়’ক আৰক্ষীয়ে কি কিনি দিলে…
শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ৩ মে' : এটা মানৱীয় ঘটনা। ঘটনাটো মধ্য প্ৰদেশ, ইন্দোৰৰ। এজন ২২ বছৰীয়া 'ডেলিভাৰি বয়'ক ইন্দোৰৰ কেইবাজনো আৰক্ষী লগ লাগি কিনি দিলে এখন মটৰ চাইকেল। ৰাতিৰ ভাগত খাদ্যবস্তু গ্ৰাহকক 'ডেলিভাৰ' কৰিবৰ বাবে চাইকেলেৰে অহা-যোৱা…
গুৱাহাটীত সপত্নীক ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দ
চাৰিদিনীয়া অসম আৰু মিজোৰাম ভ্ৰমণসূচী লৈ গুৱাহাটীত উপস্থিত দেশৰ ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দ। নিশাটো গুৱাহাটীত কটাই বুধবাৰে তামুলপুৰত বড়ো সাহিত্য সভাৰ অধিবেশনত ভাগ ল’ব দেশৰ ৰাষ্ট্ৰপতি গৰাকীয়ে।শতাব্দ প্ৰতিনিধি, গুৱাহাটী,৩ মে' :…
