Browsing Category
ট্ৰেণ্ডিং
তেজপুৰত ভূৱা আৰক্ষী উপপৰিদৰ্শক গ্ৰেপ্তাৰ
শতাব্দ প্ৰতিনিধি,তেজপুৰ,২৫ফেব্ৰুৱাৰীঃ তেজপুৰৰ মিছন চাৰিআলিত আজি দিনৰ প্ৰায় ১১-৩০বজাত এজন ভুৱা আৰক্ষী উপপৰিদৰ্শক কৰায়ত্ত কৰে স্হানীয় কছাৰীগাঁও আৰক্ষীয়ে৷আৰক্ষীৰ পোছাক পৰিধান কৰা তথা তেজপুৰৰ নিকটৱৰ্তী বিহগুৰি কলিতাগাঁৱৰ যুৱক হিমাংশু…
কৰ্মচাৰী ৰাজ্য বীমা নিগমৰ ৭২ সংখ্যক প্ৰতিষ্ঠা দিৱস
শতাব্দ প্রতিনিধি, তেজপুৰ, ২৪ ফেব্ৰুৱাৰীঃ শ্ৰমিক আৰু শ্ৰমিকসকলৰ পৰিয়ালৰ কল্যাণৰ অৰ্থে সুদীৰ্ঘ ৭১ বছৰ সেৱা আগবঢ়োৱাৰ লগত সংগতি ৰাখি"কৰ্মচাৰী ৰাজ্যিক বীমা নিগম" এ অহা ২৮ ফেব্ৰুৱাৰীৰ পৰা ১০ মাৰ্চ তাৰিখলৈ সমগ্ৰ ভাৰততে "উন্নত স্বাস্থ্য সেৱা…
বালিপৰাৰ মিটচাপ্লাইত লোমহৰ্ষক দুৰ্ঘটনাত পাঁচজন যুৱক নিহত
শতাব্দ প্রতিনিধি,তেজপুৰ,২৪ ফেব্ৰুৱাৰীঃ যোৱা নিশা তেজপুৰৰ নিকটৱৰ্তী মিট চাপ্লাই নামৰ অঞ্চলটোত সংঘটিত এক শোকাবহ পথ দুৰ্ঘটনাত তেজপুৰৰ পাঁচজনকৈ যুৱক নিহত হোৱা ঘটনাই সমগ্ৰ ৰাজ্যকে জোকাৰি গৈছে৷দুৰ্ঘটনাটোত কাৱৈমাৰীৰ আকাশদ্বীপ বৰা (২৩), বেছেৰীয়া…
অৰুণাচলৰ ভাৰত-ম্যানমাৰ সীমান্তত উৎখাত নগা বিদ্ৰোহীৰ শিবিৰ
শতাব্দ প্রতিনিধি, তিনিচুকীয়া, ২৪ ফেব্ৰুৱাৰীঃ অৰুণাচল প্ৰদেশৰ চাংলাং জিলাৰ বৰডুমছাত আৰক্ষী আৰু আছাম ৰাইফলছে এক অভিযানত ইষ্টাৰ্ণ নাগা নেচনেল গৱৰ্ণমেণ্ট (ইএনএনজি) নামৰ বিদ্ৰোহী সংগঠনটোৰ ২ সক্ৰিয় কেডাৰক মাৰণাস্ত্ৰসহ মঙ্গলবাৰে আটক কৰাৰ দুদিন…
ঘুনাসূতিত কৃষকক পাম্পছেট বিতৰণ আই জি এছ এছ এছৰ
শতাব্দ প্রতিনিধি, লখিমপুৰ ২৪ ফেব্ৰুৱাৰীঃ ভাৰত চৰকাৰৰ অধীনস্থ বেচৰকাৰী সংস্থা ইণ্ডো গ্ল'ৱেল ছ'চিয়েল ছাৰ্ভিচ ছ'চাইটিয়ে এইচ ডি এফ চি বেংকৰ অৰ্থ সাহায্যত আজি লখিমপুৰ জিলাৰ ঘূণাসুঁতি, ন-কদম আৰু লখিমপুৰ পঞ্চায়তৰ ১৫ গৰাকী কৃষকৰ মাজত বিভিন্ন…
লখিমপুৰত আছুৰ কেন্দ্ৰীয় নেতাক আনুষ্ঠানিক বিদায়
শতাব্দ প্ৰতিনিধি, লখিমপুৰ, ২৪ ফেব্ৰুৱাৰীঃ সুদীৰ্ঘ প্ৰায় আঢ়ৈ দশক কাল অসমৰ অন্যতম জাতীয় সংগঠন সদৌ অসম ছাত্ৰ সন্থাত সেৱা আগবঢ়োৱা লখিমপুৰৰ ধনমনি দত্তই আজি আনুষ্ঠানিক ভাৱে ব্যক্তিগত কাৰণত সংগঠনটোৰ পৰা বিদায় লয়৷ তদুপলক্ষে লখিমপুৰ জিলা ছাত্ৰ…
পাভ সংৰক্ষিত বনাঞ্চলত বসবাস কৰা অৰ্ধ শতাধিক খিলঞ্জীয়া পৰিয়ালক ভূমি প্ৰদানৰ সিদ্ধান্ত লখিমপুৰ জিলা…
শতাব্দ প্ৰতিনিধি, লখিমপুৰ, ২৪ ফেব্ৰুৱাৰীঃ এসময়ত বনৰীয়া ম’হৰ বিচৰণ স্থলী হিচাপে পৰিচিত লখিমপুৰৰ পাভ সংৰক্ষিত বনাঞ্চলত অবৈধ ভাৱে বসবাস কৰি থকা শতাধিক পৰিয়ালক যোৱা ১১ জানুৱাৰীত লখিমপুৰ জিলা প্ৰশাসনে পাভ সংৰক্ষিত বনাঞ্চলৰ ৫০১ হেক্টৰ ভূমিত…
তেজপুৰত বিশ্বৰ দীৰ্ঘতম ৰিভাৰক্ৰুজ
শতাব্দ প্ৰতিনিধি,তেজপুৰ,২৩ফেব্ৰুৱাৰীঃ ভাৰতৰ লগতে বাংলাদেশৰ জলপথৰে পুনৰ ভাৰতত প্ৰৱেশ কৰাৰ পাছত বিশ্বৰ সবাটোকৈ দীঘল বিলাসী নদী ক্ৰুজখনে অসমত ইতিমধ্যে ৪২০ কিলোমিটাৰ যাত্ৰা কৰিছে। যোৱা ১৩ জানুৱাৰীত দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে জাহাজখনৰ…
ৰীতু শইকীয়াক মেকাপ এউৱাড প্ৰদান
শতাব্দ প্ৰতিনিধি, তেজপুৰ, ২৩ফেব্ৰুৱাৰীঃ গোলাঘাটত অলপতে অনুষ্ঠিত হোৱা সদৌ অসম ভিত্তিত পৰম্পৰাগত সাজপাৰ প্ৰতিযোগিতা তেজপুৰৰ ডায়না ৰীতু শইকীয়াক বিশিষ্ট অতিথি হিচাপে আমন্ত্ৰণ জনোৱা হৈছিল। উক্ত অনুষ্ঠানতে ডায়না বিউটি এন্ড মেকআপ অকাডেমীৰ…
তিনিচুকীয়াৰ ধৰ্মপ্ৰাণ মহিলা সুৰভি চেতিয়াৰ দেহাৱসান
শতাব্দ প্ৰতিনিধি, তিনিচুকীয়া, ২৩ ফেব্ৰুৱাৰীঃ তিনিচুকীয়াৰ বৰগুৰি অঞ্চলৰ অনিৰুদ্ধদেৱ নগৰ নিবাসী যতীন চেতিয়াৰ সহধৰ্মিনী তথা ধৰ্মপ্ৰাণ মহিলা সুৰভি চেতিয়াৰ প্ৰায় ৭২ বছৰ বয়সত নিজ বাসগৃহত বাৰ্ধক্যজনিত কাৰণত দেহাৱসান হয়। মৃত্যুৰ সময়ত তেওঁ স্বামী,…
